অসমশীৰ্ষ

কাকপথাৰত ভূৱা সাংবাদিকৰ দপ দপনি

কাকপথাৰ :- তিনিচুকীয়া জিলা কাকপথাৰ আৰক্ষী থানা অন্তগত বিভিন্ন স্হানত ভূৱা সাংবাদিকৰ দপ-দপনিত অতিস্থ হৈ পৰিছে সৰ্ব সাধাৰণ জনতা ৷বিশেষকৈ চোৱাং ব্যৱসায়ী,বিভিন্ন জনক ব্লেক মেলিং কৰি সহজে ধন ঘটা উদ্দেশ্য কিছুমান তথাকথিত ৱেব পটেলৰ পৰা কাৰ্ড লৈ মটৰচাইকেলৰ আগত PRESS লিখি সাংবাদিকৰ পৰিচয় দি ধন দাবী কৰা ঘটনা সংঘটিত হৈ আহিছে ৷যোৱা কেই মাহমানৰ আগত তিনিচুকীয়াত ব্যৱসায়ীক ধন দাবী কৰি ভূৱা সাংবাদিক ৰঙাঘৰৰ আলহি হোৱা ঘটনা মাৰ নাজাওঁতেই তেনে এক ঘটনা সংঘটিত হৈছে কাকপথাৰৰ খেৰজান গাওঁত ৷14-10-2018 তাৰিখে নিশা 12মান বজাত দিৰাকৰ পৰা গৈ থকা এখন DI গাডী ৰখাই তিনিজন যুৱকে সাংবাদিক বুলি পৰিচয় দি ধন দাবী কৰি ধন লৈ গাডীখন যাবলৈ দিয়ে ৷ এনেবোৰ ঘটনা সংঘটিত হোৱা পাছতো জিলা প্ৰসাশন কিম্বা কাকপথাৰ আৰক্ষীৰে কিবা ব্যৱস্থা হাতত লব নে চকু মূদা কুলি ভাওঁ ধৰি বহি থাকিব সেই লক্ষ্যনীয় হব ৷ইফালে এনেবোব ঘটনাৰ ফলত সমাজৰ মাজত সাংবাদিকৰ পদময্যদা ম্লান হোৱা পথত ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close