অসম

গণতন্ত্ৰ দিৱসত গোৱালপাৰা জিলাৰ শ্ৰেষ্ঠ পূজা মণ্ডপলৈ শ্ৰেষ্ঠত্বৰ বঁটা

প্ৰথম খবৰ :- গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত যোৱা ৫ অক্টোবৰ তাৰিখে জিলা উপায়ুক্তৰ সভাকক্ষত সমগ্ৰ গোৱালপাৰা জিলাৰ দুৰ্গাপূজা পৰিচালনা কমিটি সমূহৰ উপস্থিতিত এখন বিশেষ সভা অনুস্থিত হৈ যায়।সভা খনত জিলা উপায়ুক্ত বৰ্ণালী ডেকা মহোদয়াই সমূহ গোৱালপাৰা বাসী ৰাইজক দুৰ্গাপূজা শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ ভাবে উদযাপন কৰিবলৈ আহ্বান জনোৱাৰ উপৰিও পূজাৰ সময়ত পূজা পৰিচালনা কমিটি সমূহে পালন কৰিব লগীয়া কিছুমান প্ৰয়োজনীয় নীতি নিৰ্দেশনাৰ ওপৰত আলোকপাত কৰা হয়। বিশেষকৈ উপায়ুক্ত মহোদয়াই পূজামণ্ডপ সমূহক ধপাতমুক্ত আৰু প্লাচটিক মুক্ত কৰিৰাখিবলৈ আহ্বান জনায়।ধপাত আৰু প্লাচটিকৰ পৰা জনসাধাৰণৰ ওপৰত পৰা হানিকাৰক প্ৰভাৱক ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।আনহাতে গোৱালপাৰা জিলাৰ যিখন পূজামণ্ডপে শ্ৰেষ্ঠ পৰিবেশ আৰু পাৰিপাৰ্শিক অনুকুল পূজা মণ্ডপৰ পৰিবেশ তৈয়াৰ কৰিব পাৰিব তথা পৰিবেশ প্ৰদুষণ ৰোধৰ বাবে বাৰ্তা কঢ়িওৱাৰ নিদৰ্শন দাঙি ধৰিব সেইখন পূজামণ্ডপলৈ শ্ৰেষ্ঠ পূজামণ্ডপ হিচাবে আগন্তুক গণতন্ত্ৰ দিৱসত শ্ৰেষ্ঠত্বৰ বঁটা প্ৰদান কৰা হব। ইতিমধ্যে শ্ৰেষ্ঠ মণ্ডপ নিৰ্বাচন কৰাৰ বাবে অতিৰিক্ত উপায়ুক্ত আৰু স্থানীয় ৰাজহ চক্ৰ বিষয়াৰে এখন নিৰ্বাচনী কমিটি গঠন কৰি দিয়া হৈছে। প্ৰথম খবৰ,দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী ,১৬ অক্টোবৰ।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close