শীৰ্ষৰাষ্ট্ৰীয়

ছাবাৰিমালা মন্দিৰৰ ৫০০ মিটাৰ আঁতৰৰপৰা উভতিল ২ মহিলা

গৌৰৱেৰে কওঁ মই জয়লাভ কৰিলোঁ, কিছুদিনৰ পিছত পুনৰ আহিম, ক’লে উভতি অহা সাংবাদিক কবিতাই

নিউজ ডেস্ক, প্ৰথম খবৰ: শুকুৰবাৰে ছাবাৰিমালা মন্দিৰৰপৰা উভতি আহিবলগীয়া হ’ল দুগৰাকী মহিলা। মন্দিৰৰ খটখটীৰপৰা মাত্ৰ ৫০০ মিটাৰ আঁতৰৰপৰা উভতাই পঠিওৱা হ’ল হায়দৰাবাদৰ এটা নিউজ চেনেলৰ সাংবাদিক তথা এংকৰ কবিতা জাক্কালাক। সাংবাদিকগৰাকীৰ সৈতে গৈছিল চেনেলটোৰ তিনিগৰাকী কৰ্মী। আটাইকে মন্দিৰৰপৰা উভতাই পঠিওৱা হয়। পৰৱৰ্তী সময়ত তেওঁ সংযুক্ত হয় এৰ্নাকুলামৰ মহিলা ৰেহেনা ফাটিমাৰ সৈতে।

মহিলা দুগৰাকী মন্দিৰৰ দুৱাৰ পোৱাৰ সময়ত দেখা যায় তীব্ৰ প্ৰতিবাদ। একাংশ ভক্তই প্ৰতিবাদ সাব্যস্ত কৰে মন্দিৰত মহিলাৰ প্ৰৱেশৰ বিৰুদ্ধে। তীব্ৰ প্ৰতিবাদৰ বাবে ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হয়। কিন্তু প্ৰতিবাদকাৰীক সৈমান কৰিবলৈ সক্ষম নহ’ল আৰক্ষী। এই ঘটনাই ইতিমধ্যে সমগ্ৰ দেশতে ব্যপক চৰ্চা লাভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close