অসম

জ্যেষ্ঠ নাগৰিক ছিং ফোৰাৰ বিয়োগ

খেৰণিৰ পৰা কনক দেউৰী, ১৬ অক্টোবৰ:—-পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিৰ অঞ্চলৰ একালৰ স্বনামধন্য সমাজ সেৱক তথা ৰাইজৰ আৰ্থিক, সামাজিক, সাংস্কৃতিকৰ লগতে বিশেষকৈ শৈক্ষিক দিশ উন্নয়নৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হিচাপে সমাজত বিবেচিত জ্যেষ্ঠ নাগৰিক ছিং ফুৰা কিন্তু ছিং ফুৰা আৰু নাই আজি। শতায়ু গৰকা জ্যেষ্ঠ নাগৰিক ছিং ফোৰাৰ বিয়োগৰ খৱৰে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে এসময়ত বৃহত্তৰ খেৰণি অঞ্চলত ৰাইজৰ স্বাৰ্থত শিক্ষাৰ সু-ব্যৱস্থাৰ বাবে সৰ্বপ্ৰথমে প্ৰাথমিক শিক্ষানুষ্ঠান স্থাপন কৰাৰ উদ্যোগ লৈ প্ৰাথমিক বিদ্যালয় স্থাপন কৰি শিক্ষাৰ্থীৰ শিক্ষা লাভৰ বাট মুকলি কৰিছিল এইগৰাকী সমাজ সেৱকে। লগতে অঞ্চলটোৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান তথা খেৰণি পি ভি এন হাই স্কুলৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যও আছিল তেওঁ। আনহাতে ৰাইজৰ আৰ্থিক দিশ উন্নয়নৰ বাবে তথা কৃষি কৰ্মৰে উৎপাদিত বিভিন্ন শস্য ক্ৰয়-বিক্ৰয় বাবে এখন সাপ্তাহিক বজাৰৰ প্ৰয়োজনৰ কথা বোধ কৰি খেৰণিত সাপ্তাহিক বজাৰ স্থাপন ক্ষেত্ৰতো অগ্ৰণী ভূমিকা আছিল। আৰ্থিক উন্নয়নৰ বাবে ধন সঞ্চয় যে কৰিব লাগে অৰ্থাৎ বেংক’ত ধন জমা ৰাখিব লাগে সেই সম্পৰ্কে ৰাইজৰ মাজত অঞ্চলটোত প্ৰথম সজাগতা সৃষ্টি কৰাৰ অন্যতম ব্যক্তি আছিল। কেৱল সিমানে নহয় বৰ্তমান খেৰণিত অৱস্থিত আমৰেঙ সংৰক্ষিত বনাঞ্চলৰ বনাঞ্চলিক কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা আছিল তেওঁৰ। তেওঁৰ নিজা গাওঁ লাংথাত’ত বৰ্তমান অৱস্থিত প্ৰাথমিক বিদ্যালয় প্ৰতিস্থা কৰাৰ মূলতঃ তেওঁৰে মুখ্য ভূমিকা আছিল। মুঠৰ ওপৰত ষাঠি দশকত সমগ্ৰ খেৰণি অঞ্চলত আৰ্থিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ঠ অৱদান আছিল। পৰিপ্ৰেক্ষিতত এনেদৰে এগৰাকী বিভিন্ন দিশৰ পথ পদৰ্শক ব্যক্তিক হেৰুৱাবলগীয়া হোৱাত এতিয়া অঞ্চলটোৰ ৰাইজে শূন্যতা উপলব্ধি কৰিছে আৰু তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰীয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে এইগৰাকী মহান ব্যক্তিৰ গুণমুগ্ধই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close