অসম

ডংকামোকামত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণি সভা

"প্ৰতিশ্ৰুতিক বাস্তৱৰূপ দিছে বিজেপি চৰকাৰে, অভিলাষী আচঁনিৰে দৰিদ্ৰ পৰিয়ালক সকাহ দিছে আমাৰ চৰকাৰে"----তুলিৰাম ৰংহাং

খেৰণিৰ পৰা কনক দেউৰী :-  সাৰ্বজনীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হোৱা তথা ইতিমধ্যে সমগ্ৰ দেশতে শুভাৰম্ভ কৰা ‘আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ আঁচনিখনৰ অধিনৰ ‘হিতাধিকাৰী পৰিয়াল পৰিচয় পত্ৰ’ বা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ড বিতৰণি সভা কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় আজি পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম চহৰত। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ড বিতৰণি সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থকাৰ বিপৰীতে বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য খনছিং ৰংপি, অন্যান্য কাৰ্যবাহী সদস্যসকল, পৰিষদীয় সদস্যসকল, স্বাস্থ্য বিভাগৰ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে বৃহত্তৰ পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ তিনি সহস্ৰাধিক লোক উপস্থিত থাকে এই সভাত। আয়োজিত অনুষ্ঠানৰ ভাষণত মুখ্য অতিথি তুলিৰাম ৰংহাঙে কয় যে আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো ২০১১ চনৰ সামাজিক, অৰ্থনৈতিক আৰু জাতিগত জনগণনাৰ ভিত্তিত ইতিমধ্যে নিৰ্বাচিত ২৭,২২৭ খন প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ড  সদ্যহতে প্ৰদান কৰা হব বুলি জানিব দিয়াৰ লগতে এই আচঁনিৰ জৰিয়তে পিছপৰা পৰিয়াললৈ বছৰি ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰে৷ আনহাতে ইতিমধ্যে বাদ পৰি ৰোৱা হিতাধিকাৰীৰ আবেদন অনুযায়ীৰ লগতে জনগণনাৰ ভিত্তিত প্ৰক্ৰিয়া আৰু পৰ্যায়ক্ৰমে পুনৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ড  প্ৰদানৰ ব্যৱস্থা কৰা হব বা লাভ কৰিব বুলি কয় ৰংহাঙে। এই যোজনাত অসমৰ ২৭ লাখ পৰিয়াল অন্তৰ্ভুক্ত হৈছে৷ বৰ্তমান মুঠ ১৩৫০ টা চিকিৎসাগত পদ্ধতিৰ বাবে এই বিনামূলীয়া সেৱা আগবঢ়োৱা হ’ব আৰু ইয়াৰ ভিতৰত ২২১টা পদ্ধতি কেৱল চৰকাৰী চিকিৎসালয় সমূহতহে উপলব্ধ হ’ব৷ এই যোজনাৰ অধীনত তালিকাভুক্ত হোৱা প্ৰতিটো পৰিয়ালকে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ’ব বুলি জানিব দিয়াৰ বিপৰীতে চিকিৎসা সেৱা গ্ৰহণ কৰিব বিচৰা ব্যক্তিজনে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ডৰ লগতে নিজৰ পৰিচয় পত্ৰ চিকিৎসালয়ত থকা ‘আয়ুষ্মান মিত্ৰ”ক দেখুৱাব লাগিব বুলি কয় ৷ এই নগদবিহীন চিকিৎসা সেৱা প্ৰথম পৰ্যায়ত ১৫ অক্টোবৰৰ পৰা সকলো চিকিৎসা মহাবিদ্যালয়ত আৰু নিৰ্বাচিত ১২১ খন বেচৰকাৰী চিকিৎসালয়ত উপলব্ধ হ’ব ৷ দ্বিতীয় পৰ্যায়ত ১ নৱেম্বৰৰ পৰা ৰাজ্যৰ সকলো জিলা চিকিৎসালয়ত আৰু তৃতীয় পৰ্যায়ত ১৫ নৱেম্বৰৰ পৰা সকলো সমূহীয়া চিকিৎসালয় কেন্দ্ৰতো উপলব্ধ হ’ব বুলিও কয় ৷ অনুষ্ঠানত ২৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ‘হিতাধিকাৰী পৰিয়াল পৰিচয় পত্ৰ’ প্ৰদান কৰা হয়৷ সমান্তৰালকৈ বিভিন্ন বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীৰ মাজত সৌৰ চাকিও প্ৰদান কৰা হয় অনুষ্ঠানৰ যোগেদি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close