শীৰ্ষৰাষ্ট্ৰীয়

দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে অসম সন্তান ৰঞ্জন গগৈৰ শপত

নেচনেল ডেস্ক, প্ৰথম খবৰ: আজি দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে অসম সন্তান ৰঞ্জন গগৈয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই শপত বাক্য পাঠ কৰালে নৱনিযুক্ত মুখ্য ন্যায়াধীশগৰাকীক৷ উল্লেখ্য যে ২০১৯ চনৰ ১৭ নবেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিবলগীয়া এওঁৱেই হৈছে দেশৰ ন্যায়পালিকাৰ শীৰ্ষ পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মজীৱনৰ পাতনি মেলা এইগৰাকী অসম সন্তানে ২০১২ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশহিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close