অসম

দৰঙৰ দেওমৰনৈ -চমুৱাপাৰা- মুদৈবড়ী- ডাঁহীত দুৰ্গা পূজাৰ প্ৰস্তুতি

প্ৰথম খবৰ, মঙলদৈ/ দেওমৰনৈ , ৮ অক্টোবৰঃ চমুৱাপাৰা হস্পিটেল চ’কত অহা ১৫– ১৯ অক্টোবৰলৈ তৃতীয় বাৰ্ষিক শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। উদযাপন সমিতিৰ সভাপতি যোগেন বৰুৱা আৰু প্ৰধান সম্পাদক মুৰুলী মোহন শৰ্মাই জনোৱা মতে, পূজাৰ কেইদিন সমূহীয়া চাফাই, ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপন, আয়তী নাম, ওজাপালি, আৰতি, নাগাৰা নাম, সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্য্যসূচী হাতত লোৱা হৈছে। ইপিনে মুদৈবড়ী সাৰ্বজনীন শিব মন্দিৰৰ উদ্যোগত প্ৰথম বাৰ্ষিক দুৰ্গা পূজা উদযাপন হব। এই উপলক্ষে তিলক চন্দ্ৰ কলিতাক সভাপতি, শশীন্দ্ৰ বড়াক কাৰ্যকৰী সভাপতি, দীপক কলিতাক প্ৰধান সম্পাদক, হেৰম্ব প্ৰসাদ কলিতা আৰু দুৰ্ল্লভ কলিতাক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। উদ্যোক্তা সকলে জনোৱা মতে, ঊষা কীৰ্ত্তন, সমূহীয়া চাফাই, গছপুলি ৰোপন, পানী তোলা,আয়তী নাম, মহিলাৰ নাগাৰা নাম, থিয়নাম, ওজাপালি, আৰতি, পুৰুষৰ নাগাৰা নাম, শোভাযাত্ৰা আদি কাৰ্য্যসূচী ৰূপায়ন কৰা হব। আনহাতে ষষ্ঠ বিংশতিতম ডাঁহী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা জনাৰামচৌকাত অনুষ্ঠিত হব। উদযাপন সমিতিৰ সভাপতি ৰাতুল ডেকা আৰু সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মাই জনোৱা মতে, বেলবৰণ, আয়তী নাম, ওজাপালি, ভোটা প্ৰদান, নাগাৰা নাম, আৰতি, মহিলাৰ যুঁজৰ নাম হব। দশমীত শাকতোলা নদীত প্ৰতিমা বিসৰ্জন দিয়া হব। আনহাতে দেওমৰনৈত এইবাৰ দুৰ্গাপুজা ৰূপালী জয়ন্তী বৰ্ষ ৮ দিনীয়াকৈ পালন কৰিব বিভিন্ন কাৰ্যসূচীৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close