অসম

পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত অগপ-বি পি এফেৰে মিত্ৰতা নহয় বিজেপিৰঃ জয়ন্ত মল্ল

বৰপেটাত ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চায়ত নিৰ্বাচনী কুচ-কাৱাজ

বৰপেটাঃ ৰাজ্যিক নিৰ্বাচনী আয়োগে ১৫ ডিচেম্বৰৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন সম্পন্ন কৰিবলৈ নিৰ্দেশনা জাৰি কৰাৰ পিছতে পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে অসম ৰাজ্যিক বিজেপি৷ আজি ৰাজ্যিক বিজেপিৰ নেতৃত্বই বৰপেটাত পোনপ্ৰথমে আৰম্ভ কৰে পঞ্চায়ত নিৰ্বাচনৰ কুচ-কাৱাজ৷ আজি বৰপেটা জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ শীৰ্ষ বিজেপিৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ কৰ্মী সভা৷ আজিৰ সভাত দলটোৱে পঞ্চায়ত নিৰ্বাচনৰ বাবে কেতবোৰ নিৰ্বাচনী এজেণ্ডা হাতত লয়৷ ইপিনে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ-বি পি এফ-বিজেপিৰ মিত্ৰতা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই৷ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত অগপ-বি পি এফৰ সৈতে বিজেপিৰ কোনো মিত্ৰতা নহয় বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে কয় যে বিজেপিৰ জিলা-সমষ্টিৰ নেতৃত্বৰ সিদ্ধান্ত মৰ্মেহে পঞ্চায়ত নিৰ্বাচনত অগপ-বি পি এফৰ সৈতে মিত্ৰতা কৰা হ’ব৷ যদি কোনো জিলা বা সমষ্টিৰ নেতৃত্বই যদি সেই অঞ্চলটোৰ বাবে অগপ-বিপিএফেৰে মিত্ৰতা প্ৰয়োজন অনুভৱ কৰে তেন্তে সেই অঞ্চলটোত মিত্ৰজোট গঠন কৰা হ’ব৷ ইয়াৰ বাদে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক পৰ্যায়ত অগপ-বি পি এফৰ সৈতে কোনে মিত্ৰতা কৰা নহয় বুলি স্পষ্ট কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই৷ ইয়াৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত উন্নয়নেই বিজেপিৰ মূল শ্লোগান হ’ব বুলি জানিবলৈ দিয়ে মুখপাত্ৰগৰাকীয়ে৷ বিৰেধীয়েতো সদায় অনুন্নত অসম এখন বিচাৰে বুলি কটাক্ষ কৰি মুখপাত্ৰ জয়ন্ত মল্লই কয় যে বিজেপিয়ে সমৃদ্বিশালী অসম বিচাৰো; উন্নয়ন আমাৰ মূল লক্ষ্য৷ সৰ্বসাধাৰণ জনতাক সামাজিক-অৰ্থনৈতিক সকলো দিশতে কেনেকৈ আগবঢ়াই নিব পাৰি সেইটোহে বিজেপিৰ মূল লক্ষ্য৷ বিৰোধীৰ কথা আমাৰ কোনো বিচাৰ্যৰ বিষয় নহয়৷ আনহাতে নাগৰিকত্ব সংশোধনী বিল সম্পৰ্কত মুখপাত্ৰগৰাকীয়ে মত প্ৰকাশ কৰি কয় — নাগৰিকত্ব সংশোধনী বিল দ্বিতীয়বাৰৰ বাবে সংসদত যেতিয়া উত্থাপন হ’ব তেতিয়াহে এই সম্পৰ্কে আলোচনা হোৱা উচিত৷ এতিয়া এই বিষয়টো এটা স্তৰৰ মানুহৰ বিভিন্ন মুনাফা আদায় কৰাৰ অপ-প্ৰচাৰহে৷ সৰ্বসাধাৰণ ৰাইজে এতিয়াও এই বিষয়টোক লৈ আলোচনা কৰিবৰ সময় হোৱা নাই৷ আজিৰ এই সভাত উপস্থিত থকা ৰাজ্যিক বিজেপিৰ আন এগৰাকী শীৰ্ষ নেতা তথা অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তাই পঞ্চায়ত নিৰ্বাচনৰ বাবে দলে পূৰ্ণ প্ৰস্তুতি চলোৱা বুলি উল্লেখ কৰি বৰপেটা জিলাত তৃণমূল পৰ্যায়ৰ পৰাই দলটোৰ সাংঠনিক ভেটি মজবুট হৈছে বুলি মন্তব্য কৰে৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত জিলাখনত ভাল ফলাফল হ’ব বুলিও আশা প্ৰকাশ কৰে শীৰ্ষ নেতাগৰাকীয়ে৷ বিজেপিৰ উপ-সভাপতি বিমল অচোৱাল, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাস আৰু বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হোৱা আজিৰ কৰ্মী সভাখনত বৰপেটা জিলাৰ বিজেপিৰ বিভিন্ন বিষয়ববীয়া, মণ্ডল-মৰ্চা পৰ্যায়ৰ শীৰ্ষ নেতৃত্বৰ লগতে বৰপেটো লোক সভা সমষ্টিৰ অন্তৰ্গত দহটাকৈ বিধান সভা সমষ্টিৰ বিস্তাৰক, প্ৰভাৰী, শীৰ্ষ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close