অসম

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ মাইলু বস্তীত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু

খেৰণিৰ পৰা কনক দেউৰী ১৬ অক্টোবৰ:—পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা খেৰণি থানা অন্তৰ্গত মাইলু বস্তীত সংঘটিত হৈছে এক হাতী-মানুহৰ সংঘাতৰ ঘটনাৰ। বনৰীয়া হাতীৰ আক্ৰমণত অকাল মৃত্যুক আঁকোৱালি লবলগা হল এগৰাকী মহিলাই । ৰাতিপুৱা ৫ বজাত মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই কুঁহিয়াৰ খেতিলৈ বুলি যাওঁতে হঠাৎ আক্ৰমণ কৰে এটা বনৰীয়া হাতীয়ে। ফলত হাতী আক্ৰমণত থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ আৰু অকাল মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকীৰ নাম হল সুখীয়া দেৱী (৪০)। উল্লেখযোগ্য যে ২০-২৫ জনীয়া এটা হাতীৰ জাকে উক্ত গাওঁখনত পুৱাৰভাগত প্ৰৱেশ কৰিছিল বুলি ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰত্যক্ষদর্শীয়ে। লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে ভুক্তভোগী পৰিয়ালক অতি ক্ষীগ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে চৰকাৰক। বিপৰীতে বনৰীয়া হাতীৰ তাণ্ডৱ অথবা অত্যাচাৰৰ ক্ষেত্ৰত বন বিভাগে কোনোটো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ খেৰণি বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close