অসমশীৰ্ষ

পুঠিমাৰীত পুজাৰ শতবৰ্ষ উদযাপন অনুস্থানত মুখ্যমন্ত্ৰী সোণোৱাল

ভাৰতবৰ্ষৰ আটাইতকৈ ধুনীয়া তথা সমৃদ্ধিশালী ৰাজ্য হ'ল অসম : মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল।

পঙ্কজ নাথ , চাংসাৰি, ১৬ অক্টোবৰ : কামৰূপ জিলাৰ অন্তৰ্গত পুঠিমাৰিত যোৱাকালি ১৫ অক্টোবৰত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পুজাৰ শতবৰ্ষৰ অনুস্থানত উপস্থিত থাকি ভাৰতবৰ্ষৰ আটাইতকৈ ধুনীয়া ৰাজ্য অসম বুলি ব্যক্ত কৰে । কিয়নো জৈৱ-বৈচিত্ৰময় আমাৰ ৰাজ্যখন শান্তি, সেউজীয়া পৰিৱেশৰে ভৰপূৰ। আমাৰ ৰাজ্য পাহাৰ-ভৈয়াম, বৰাক- ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিন্ন ভাষা, জাতি -জনগোষ্ঠীৰ লোকে একলগে সমন্বয় বাৰ্তা কঢ়িয়াই এখন সমৃদ্ধিশালী ৰাজ্যৰূপে গঠিত হৈছে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালৰ । এনেদৰে কালি সোমবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰীত দূৰ্গা পূজা আৰু কালী পূজাৰ শতবৰ্ষ উদযাপনত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে দূর্গাপূজাৰ লগত জড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিস্তৃতভাৱে ভাষণ আগবঢ়াই কয় যে আত্মা সদায় পবিত্ৰ। শান্তিৰ সন্ধানতহে মানুহে ঈশ্বৰক উপাসনা কৰে। এখন সুন্দৰ-সুস্থ সমাজ গঢ়িবলৈ হলে শান্তি বিৰাজমান হব লাগিব। শতবৰ্ষ গৰকা দূর্গাপূজা উদযাপন সমিতিৰ সভাপতি ডঃ গিৰিন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত কৰা আদৰণী আৰু সম্বৰ্দ্ধনা সভা খনত কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই আদৰণি ভাষণত কমলপুৰ সমষ্টিৰ উন্নয়ন স্বাৰ্থত মুখ্যমন্ত্ৰী পূৰ্ণ সহযোগিতা কামনা কৰাৰ লগতে আধ্যাত্মিক বিষয়ে মত আগবঢ়োৱাৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সাংসদ ৰমেন ডেকাই নিজ ভাষণত খিলঞ্জীয়াৰ জনসাধাৰণৰ হকে কাম কৰি যাব প্ৰতিশ্ৰুতি দিয়ে। এই সভাখনত প্ৰাক্তন ৰাজ্যিক আছু নেতা অমিয় ভূঞাকে ধৰি অঞ্চলটোৰ কেইগৰাকীমান বৰেণ্য ব্যক্তিৰ লগতে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close