অসম

পেঙেৰী সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ দৌৰাত্ম্য, পথৰ ওপৰতে বগৰালে মূল্যবান হোলোং গছ।

বনবিভাগৰ সৈতে বুজাবুজিৰ অভিযোগ::::- তহিলং হল বনাঞ্চল

ফিল’বাৰীৰ পৰা সুৰজিৎ বড়া , ১৬ অক্টোবৰ : অসম অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চল তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ বিষয়াকে প্ৰমুখ্য কৰি খাটাং পানী বনাঞ্চলিক কাৰ্য্যালয়ৰ বন বিষয়াৰ চোৰাং ব্যৱসায়ী ৰ সৈতে থকা বুজাবুজিৰ যি অভিযোগ প্ৰকাশ পাইছিল তাৰ সত্যতা আজি সংমণ্ডল টোৰ অন্তৰ্গত তৰাণী সংৰক্ষিত বনাঞ্চলত প্ৰমাণিত হল। বিভাগীয় গোপন বুজাবুজিৰে চোৰাং কাঠ ব্যৱসায়ীয়ে মুকলিকৈ গছকটাৰ ফলত আজি বনাঞ্চলৰ মাজেদি যোৱা ফিল’বাৰী-পেঙেৰী সংযোগী পথৰ যাতায়ত বন্ধ হৈ পৰে। বৃহৎ সংখ্যক হোলোং গছেৰে ভৰপূৰ এই সংৰক্ষিত বনাঞ্চল খনিৰ মাজেদি পাৰ হৈ যোৱা ফিল’বাৰী-পেঙেৰী সংযোগী পথৰ দাঁতিতে আজি পুৱতি নিশাতে অস্ত্ৰ সজ্জিত অচিনাক্ত যুৱকৰ দল এটাই
স্বয়ংক্ৰিয় কৰতে ৰে কেইবাজোপাও মূল্যৱান হোলোং গছ কাটে আৰু তাৰে এজোপা প্ৰকাণ্ড গছ পথৰ সোমাজতে পৰি যোৱাত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে। খবৰ
পাই স্থানীয় প্ৰকৃতি প্ৰেমী ৰাইজে ৰাতিপুৱাই ততাতৈয়াকৈ ঘটনাস্থলীৰ পৰা প্ৰায় ছয়
কিলোমিটাৰ নিলগৰ খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়ে যদিও বিভিন্ন অজুহাত দেখুৱাই বহু বিতৰ্কিত ডুমডুমা বন সংমণ্ডল বিষয়াৰ অতিকে ঘনিষ্ঠ তথা নতুনকৈ খাটাংপানী কাৰ্যালয়ত যোগদান কৰা বিষয়া জনে আজি আবেলিহে বনাঞ্চল খনৰ গছ কটা স্থানত উপস্থিত হৈ পথ বন্ধ কৰি পৰি থকা হোলোং গছ জোপা কটাৰ ব্যৱস্থা কৰে।কিন্তু বিভাগীয় ব্যৱস্থাৰ পলমৰ সুযোগলৈ দুৰ্বৃত্বই গাড়ীৰে কেইবাটাও মূল্যবান কাঠৰ কুণ্ডা লৈ যাবলৈ সক্ষম হয়। ৰাইজৰ লগতে বহুকেইটা জাতীয় জনগোষ্ঠীয় ছাত্ৰ যুৱ সংগঠনে বন বিভাগৰ এই নিৰ্লিপ্ত আচৰণত তীব্ৰ ক্ষোভ ব্যক্ত কৰাৰ লগতে বন মাফিয়াৰ সৈতে বন বিষয়াৰ মিতিৰালি স্পষ্টকৈ প্ৰকাশ পোৱাত এই বিষয়ত দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে। উল্লেখযোগ্য যে, গোলাঘাটৰ বনাঞ্চলিক বিষয়াৰ দ্বায়িত্বত থাকোতে সাংবাদিক হত্যাৰ বিতৰ্কত সাঙোৰ খাই পৰা, বৰ্তমান ডুমডুমা বনসংমণ্ডলৰ সংমণ্ডলিক বন বিষয়াজনে কৰ্মত যোগদান কৰাৰ পিছৰেপৰা সংমণ্ডলটোৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল সমূহত বন মাফিয়াৰ দৌৰাত্ম লক্ষণীয় ভাবে বৃদ্ধি পোৱাৰ লগতে বনাঞ্চল সমূহৰ পৰিসীমাও ক্ৰমান্বয়ে সংকুচিত হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close