অসম

ফকিৰাগ্রামত ‘আয়ুষ্মান ভাৰত’আঁচনিৰ  শুভাৰম্ভণি

প্রথম খবৰ,ফকিৰাগ্রাম ৮:কোকৰাঝাৰৰ জিলাৰ ফকিৰাগ্রামত  আজি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অন্তৰ্গত ‘আয়ুষ্মান ভাৰত’ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। ফকিৰাগ্রাম  হস্পিতালত চৌহদত অনুষ্ঠিত শুভাৰম্ভণি কাৰ্যসূচীটো মুকলি কৰে বিধায়ক ৰবিৰাম নার্জাৰি ।ভাষণ প্ৰসংগত তেওঁ আঁচনিখনৰ পৰা হিতাধিকাৰীয়ে পাব পৰা সুবিধাসমূহৰ বিষয়ে আলোচনা কৰে। আজিৰ অনুষ্ঠানত ২৫ গৰাকী হিতাধিকাৰীক আঁচনিৰ পত্ৰ প্ৰদান কৰা হয়। সমগ্ৰ ফকিৰাগ্রামত বি পি এল  পৰিয়ালে এই আঁচনিৰ কাৰ্ড লাভ কৰিব ।আজিৰ কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ৰবিৰাম নার্জাৰি , চিকিৎসক প্রদীপ কুমাৰ দাস , এন আৰ এচ এম ৰ কোকৰাঝাৰ জিলা প্রজেক্ট মেনেজাৰ উত্তম ব্রহ্মা , প্রদীপ দেব নাৰায়ণ , চিনি ৰাম দাস ,পঁচাগড় ভি সি ডি সি সভাপতি সাঁকু ভদ্রো লগতে আন বহু লোক।  

Related Articles

Leave a Reply

Close