অসম

বিশিষ্ট মিচিং শিল্পী, অভিনেতা মৃণাল দলেলৈ শ্ৰদ্ধাঞ্জলি

প্ৰথম খবৰ ঢকুৱাখনা :   মিচিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী, কথাছবি নিৰ্মাতা, অভিনেতা, মিচিং আৰ্টিষ্ট এচছিয়েচনৰ প্ৰতিষ্ঠাপক সভাপতি মৃণাল দলেৰ আজি লখিমপুৰৰ নিজা বাসভৱনত মৃত্যু হয়।   মিচিং সংস্কৃতিৰ পথাৰত তেখেতৰ দৰে বহুমুখী প্ৰতিভাৰ অধিকাৰী, সৰ্বহাৰা জনসাধাৰণৰ হকে গীত গোৱা স্বনামধন্য শিল্পীৰ দলেৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ঢকুৱাখনাৰ সমগ্র মিচিং গভীৰ শোকৰ ছাঁ পৰে। কিছুসময়ৰ পূৰ্বে দলেৰ মৃতদেহ ঢকুৱাখনালৈ অনা হয়। ঢকুৱাখনাৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰৰ চৌহদত কিছুসময় ৰাখি-টি,এম,পি,কে, টি,এম,এম,কে, এম,এম,কে আৰু মিচিং শিল্পী সমাজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৃতদেহত। ইয়াৰ পিছতে দলেৰ মৃতদেহ নিজ জন্মগৃহ লাইপুলীয়ালৈ লৈ যোৱা হয়। উল্লেখযোগ্য যে বিশেষকৈ, মিচিং আধুনিক গীতক পশ্চিমীয়া শৈলীৰে পৰিৱেশন কৰি মৃণাল দলেয়ে এক নতুন মাত্ৰা প্ৰদান কৰিছিল ৷তেওঁৰ সৃষ্টিৰাজি আৰু শিল্পী সত্তাক সংগীতপ্ৰেমী ৰাইজে সদায় মনত ৰাখিব ৷ লগতে “মিচিং আৰ্টিষ্ট এচছিয়েচন” গঠন কৰি তেখেতে মিচিং শিল্পীসকলক একত্ৰিত কৰি মিচিং আৰ্টিষ্ট এচছিয়েনছ গঠন কৰি যি এক মঞ্চ দি থৈ গ’ল তাৰ বাবেও তেখেতক মিচিং শিল্পী সমাজে সদায়ে শ্ৰদাৰে সোঁৱৰিব ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close