অসমশীৰ্ষ

শক্তিআশ্ৰমত স্বামী যোগানন্দ গিৰি মহাৰাজৰ প্ৰতিমূৰ্তি উন্মোচন

নিউজ ডেস্ক, প্ৰথম খবৰ: জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তী দিৱসৰ লগত সংগতি ৰাখি মঙ্গলবাৰে কোকৰাঝাৰৰ স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় প্ৰাঙ্গনত উন্মোচন কৰা হয় শক্তিআশ্ৰম প্ৰতিষ্ঠাতা স্বামী যোগানন্দ গিৰি মহাৰাজৰ প্ৰতিমূৰ্তি৷

স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলে আয়োজন কৰা এই প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত প্ৰথমতে উক্ত মহাবিদ্যালয়ৰ এলুমনি এছ’ছিয়েচনৰ পতাকা উত্তোলন কৰে স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৰেশ চন্দ্ৰ ৰায়ে৷ পিছত এক বিশাল শোভাযাত্ৰাৰ অন্তত স্বামীজীৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে শক্তিআশ্ৰমৰ প্ৰাক্তন ছাত্ৰ তথা ট্ৰাষ্ট ব’ৰ্ড, শক্তিআশ্ৰমৰ অধ্যক্ষ চহেন্দ্ৰ নাথ ব্ৰহ্মই৷

উল্লেখ্য যে গুজৰাটৰ সবৰমতী আশ্ৰমত মহামানৱ মহাত্মা গান্ধীৰ সৈতে একেলগে থকা এইগৰাকী স্বামীজীয়ে মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে শক্তিআশ্ৰম অঞ্চলক পোহৰাই তোলাৰ লগতে শক্তিআশ্ৰম অঞ্চলৰ ৰাইজৰ বাবে শ বিঘাৰ ওপৰত মাটি দান কৰি এই অঞ্চলত বিভিন্ন শিক্ষানুষ্ঠান গঢ় দি শক্তিআশ্ৰমৰ ৰাইজৰ মাজত শিক্ষাৰ পোহৰ বিয়পাইছিল৷

স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলৰ উদ্যোগত মঙ্গলবাৰে অনুষ্ঠিত এই প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানৰ শেষত স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় প্ৰাঙ্গনত এখন মুকলি সভাও অনুষ্ঠিত হয়৷ য’ত কোকৰাঝাৰ বি এড কলেজৰ প্ৰাক্তন অধ্যক্ষ মংগলসিং হাজোৱাৰী, কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰামানন্দ সিন্‌হাকে আদি কৰি বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি স্বামীজীৰ জীৱনাদৰ্শৰ ওপৰত বহুমূলীয়া বক্তব্য প্ৰদান কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close