বিনোদনশীৰ্ষ

শক্তিৰূপেন… অপ্ৰতিৰোধ্য ঈষিকা

আনে যোৱা বাটে নোযোৱা ঈষিকা বৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: দুৰ্গা পূজা মানেই যেন নাৰীৰ শক্তিৰ প্ৰকাশ। সকলো নাৰীৰ শক্তিকেই যেন বাংময় কৰি তোলে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আৰাধনাই। এনে সময়তে আন্তৰ্জাতিক প্ৰেক্ষাপটত নিজকে বিশেষ চিনাকিৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমৰ ঈষিকা বৰাই যেন প্ৰকাৰন্তৰে প্ৰকাশ কৰিছে তেওঁৰ আভ্যন্তৰিণ শক্তিৰ কথাকেই।

এগৰাকী আন্তৰ্জাতিক মডেল ঈষিকা। ভাৰতৰ সমান্তৰালভাৱে আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত ঈষিকা বৰা সম্প্ৰতি একাধিক চিনেমা আৰু ৱেব ছিৰিজৰ কামত ব্যস্ত।

ঈষিকা বৰা এক শক্তিশালী মনৰ অধিকাৰী। প্ৰচণ্ড আত্মশক্তিৰে তেওঁ আগুৱাই যাব খোজে জীৱনৰ আন এক যাত্ৰাৰ মাজেৰে। যিবোৰ টেবুৱে (Taboo) জীৱন আগবাঢ়ি যোৱা যাত্ৰাপথ অৱৰুদ্ধ কৰি তুলিব বিচাৰে, সেই টেবু বা অন্তৰালক ওফৰাই পেলাব বিচাৰে তেওঁ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close