অসমযুৱশীৰ্ষ

শক্তিৰূপেন… আত্মশক্তিৰে জিলিকিছে অসমৰ ৰিংকুমণি

শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাৰ সময়ত, অসমৰ শক্তি ৰিংকুমণিলৈ শুভকামনা প্ৰথম খবৰৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰ্তমান অসমত উলহ-মালহেৰে চলি আছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা দেৱীৰ আৰাধনা। এনে সময়তে প্ৰবল আত্মশক্তিৰে ভাৰতৰ সন্মুখত অসমক গৌৰৱান্বিত কৰি তোলা সকলো নাৰীকে প্ৰথম খবৰৰ তৰফৰ পৰা সন্মান জ্ঞাপন কৰিছোঁ। শেহতীয়াভাৱে এনএবিবিএ-ডব্লিউএফএফ মিষ্টাৰ এণ্ড মিছ ২০১৮ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি খিতাপ আজুৰি আনিছে অসমৰ এগৰাকী যুৱতীয়ে। তিনিচুকীয়াৰ এইগৰাকী যুৱতী হৈছে ৰিংকুমণি চেতিয়া। ৰিংকুমণিয়ে আজুৰি অনা এই গৌৰৱ নিঃসন্দেহে সামগ্ৰিকভাৱে অসমবাসীৰেই গৌৰৱ। মহিলাৰ বডী বিল্ডিঙৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানকো নেওচি ৰিংকুমণি আগুৱাই গৈছে প্ৰত্যাশিত ভৱিষ্যতৰ দিশে। নিজৰ লগতে অসমীয়াকো গৌৰৱান্বিত কৰি তুলিছে। তেওঁৰ যাত্ৰা অনিৰুদ্ধ হওক। প্ৰথম খবৰৰ তৰফৰপৰা তেওঁলৈ শুভকামনা জ্ঞাপন কৰিলোঁ। এই প্ৰতিবেদন প্ৰথম খবৰৰ পাঠকলৈ আগবঢ়াই থকাৰ মুহূৰ্ততে তিনিচুকীয়াৰ চলিহানগৰ পূজা কমিটী সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে খেলুৱৈগৰাকীক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close