অসম

শান্তিপূৰ্ন বাবে গঠন হল বাদুলিপাৰ আঞ্চলিক চুতীয়া জাতি ছাত্ৰ সন্থা

চাৰি শতাধিক চুতীয়া জাতি ৰাইজ,ছাত্ৰ-ছাত্ৰী,শুভাকাংক্ষীৰ উপস্থিতি

বাদুলিপাৰৰ পৰা পাৰ্থ প্ৰতীম বৰুৱা ,প্ৰথম খবৰ,৮ অক্টোবৰ : বিভিন্ন সময়ত বিগত চৰকাৰ আৰু বৰ্তমান চৰকাৰে ছয় জনগোষ্টিক মাহী আইৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে ,যাৰ ফলত ছয় জনগোষ্টি ৰাইজৰ বিভিন্ন সময়ত এশ-এবুৰি সমস্যাত পৰিব লগা হৈছে ।বিশেষকৈ চুতীয়া জাতিৰ ,কাৰন এই “চুতীয়া ” শব্দটো কিছু কিছু ঠাইত বিৰুপ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে , ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী শৈক্ষিক দিশত,উন্নয়নৰ দিশটো অৱহেলিত কৰি আহিছে বুলি অৱগত কৰে । এই সকলোবোৰ দিশ সামৰি চুতীয়া জাতিৰ সাংগঠনিক ভেটি মজবুত কৰা মহান উদেশ্যেৰে আজি গোলাঘাট জিলাৰ বাদুলিপাৰ অঞ্চলৰ চুতীয়া জাতি ৰাইজৰ উপস্থিতিত ৰঙামাটি সাহিত্য সভা ভৱনত এখনি বৈঠক অনুস্থিত হয় ,অনুস্থিত সভাৰ সভাপতিত্ব কৰে বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মন্টু শইকীয়াই । সভাৰ উদেশ্য ব্যাখ্যা কৰে বোখাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক লাচিত কাকতিয়ে ।বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে শচিন বৰা(মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক),কাৰ্যকৰি সভাপতি উৎপল বৰা চুতীয়া,উপদেষ্টা ৰুপম বৰা ,যতীন বৰা,অশোক কুমাৰ বৰুৱা,চুতীয়া জাতি বাদুলিপাৰ আঞ্চলিকৰ সভাপতি ৰঞ্জন বৰুৱা,সম্পাদক ডিম্বেশ্বৰ বৰা,মৃদুল শইকীয়া আদি ।আয়োজিত সভাৰ আঁত ধৰি চুতীয়া জাতিৰ সম্পৰ্কে বৃষ্টিত ভাবে মন্তব্য ৰাখে অশোক বৰুৱাই ।মহকুমা সম্পাদক লাচিত কাকতিয়ে আগন্তুক ১৫ নবেম্বৰ তাৰিখে চুতীয়া জনজাতি কৰন আৰু বগীবিল দলংৰ নামাকৰন সম্পৰ্কত গোলাঘাটত হবলগা বিশাল গণ সমাৱেশলৈও সকলোকে আমন্ত্ৰন জনাই ।সংগঠনটোৰ ভেটি মজবুত কৰা উদেশ্যে বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ২৫ জনীয়া এখন সমিতিও গঠন কৰে ,সমিতিখন হৈছে-উপদেষ্টা ক্ৰমে-জীবন বৰা ,জগত শইকীয়া ,যতীন বৰা,অশোক কুমাৰ বৰুৱা,ৰঞ্জন বৰুৱা,ৰন্টু শইকীয়া ,মামনি শইকীয়া ,ৰীনি শইকীয়া ।সভাপতি -পঙ্কজ বৰুৱা,কাৰ্যকৰি সভাপতি মৃদুল শইকীয়া ,উপ:সভাপতি পৱিত্ৰ বৰা ,সম্পাদক পাৰ্থ প্ৰতীম বৰুৱা , সহ:সম্পাদকত্ৰয় পিঙ্কু বৰুৱা,মনোজ বৰা,শঙ্খমনি বৰা।সাংগঠনিক সম্পাদক বেদান্ত বিকাশ বৰুৱা,গৌতম বৰা ,পাৰ্থ প্ৰতীম বৰুৱা,।কাৰ্যলয় সম্পাদক ৰিপুন বৰুৱা,ৰাজু বৰুৱা,ঘনকান্ত বৰা।প্ৰচাৰ সম্পাদক প্ৰিয়াঙ্কু বৰুৱা,লোহীত বৰা,ৰাহুল বৰুৱা ।নৱগঠিত সমিতি খনৰ প্ৰতিজন সদস্যকে মহকুমা সভাপতি গৰাকীয়ে শপত বাক্য পাঠ কৰোৱাই ॥

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close