অসম

ৰঙিয়াত পথ দুৰ্ঘটনা

নিহত ১ আহত ১

প্ৰথম খবৰ ৰঙিয়া :-    ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত মাজনিশা নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় আহত হয় আন এজন । আৰক্ষীৰ সূত্ৰ অনুসৰি পশ্চিম বংগৰ আলিপুৰদুৱাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন জাইলো গাড়ীয়ে ৰঙিয়া বালাগাঁওত ঘাইপথৰ কাষত ৰৈ থকা ট্ৰাকৰ পিছফালে তীব্ৰ বেগে খুন্দা মৰাত ঘটনাস্থলীতে নিহত হয় জাইলো খনৰ আৰোহী আলিপুৰদুৱাৰ সংমণ্ডলৰ মান্ডলিক বিত্তীয় প্ৰৱন্ধক ছিমৰনজিৎ সিং । দুৰ্ঘটনাত জাইলো খনৰ চালক জনো গুৰুতৰ ভাবে আহত হয় । আৰক্ষীয়ে লগে লগে চালকজনক ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱায় । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰঙিয়া ৰেল সংমণ্ডলৰ উচ্চ পদস্থ বিষয়া সকল ৰঙিয়া থানাত উপস্থিত হৈৈ মৃতদেে মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰে ।

Related Articles

Leave a Reply

Close