অসম

ৰঙিয়াত মহা ধুমধামেৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপন

পূজা মণ্ডপ সমূহত বীৰ দি বাট নোপোৱা অৱস্থা ঃঃ আকৰ্ষণীয় আলোকসজ্জা মন্ত্ৰী ভৱেশ কলিতাসহ শুভেচ্ছা

প্ৰথম খবৰ ৰঙিয়া ১৬ অক্টোবৰ: ধৰাৰ বুকুলৈ আগমন ঘটিল অসুৰ বিনাশিনী দেৱী দুৰ্গাৰ। কালি সন্ধিয়া বেল বৰনৰ লগে লগে ৰঙিয়া মহকুমাতো উলহ মালহেৰে আৰম্ভ হ’ল পাঁচ দিনীীয়া শ্ৰী শ্ৰী দুৰ্গাপূজাৰ। এই বেলি সমগ্ৰ ৰঙিয়া মহকুমাত পঞ্চাশৰো অধিক দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। ইয়াৰ ভিতৰতে ৰঙিয়া ভট্টপাৰাৰ দখিনা কালি মন্দিৰৰ পূজা এই বছৰ ৫০৩ বছৰত পদাৰ্পন কৰিলে। ১৫১৫ চনত আহোম ৰজা ৰুদ্ৰ সিংহই এই পূজা আৰম্ভ কৰিছিল। এই পূজাৰ সমসাময়িক পূজা হল ৰঙিয়া দিপ্তেশ্বৰী দেৱালয়ৰ দুৰ্গা পূজা। ২৪৯ বছৰ পূৰ্বে আহোম ৰজা লক্ষ্মী সিংহৰ দিনৰ পৰাই নিৰবিচ্ছিন্ন ভাৱে চলি থকা ৰঙিয়া জয়ন্তীপুৰৰ জয়ন্তী কালি মন্দিৰৰ দুৰ্গাপূজা এই বছৰো উলহ মালহেৰে পালন কৰা হৈছে। এই প্ৰাচীন তথা ঐতিহাসিক পূজা তিনিখন জাকজমকতাৰে নহয় সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে স্বাত্বিক ভাবে পালন কৰা হয়। ইয়াৰ উপৰিও মহকুমাটোৰ পুঠিমাৰী বাৰোৱাৰী দুৰ্গাপূজা এই বেলি শতবৰ্ষ সম্পূৰ্ণ কৰিলে । ৰঙিয়া মহকুমাৰ অন্যান্য উল্লেখনীয় পূজাৰ ভিতৰত জয়ন্তীপুৰৰ পশ্চিম ৰঙিয়া বাৰোৱাৰী দুৰ্গাপূজা, ডিমু, বাঘবাৰী, ৰঙিয়া ৰেলৱে ৰিক্ৰিয়েশ্বন ক্লাব, লোকো কলনী, ৰঙিয়া শিৱ মন্দিৰ, ৰঙিয়া বজাৰ পুৰণা মণ্ডপ, বাৰ্মিজ নগৰ, স্টেডিয়াম কলনী, ৰঙিয়া তিনিআলি, সৰস্বতী কলনী, জ্যোতি নগৰ, মিল ৰোড, আদি অঞ্চলৰ দুৰ্গাপূজা প্ৰধান। ৰঙিয়া শিৱ মন্দিৰৰ দুৰ্গাপূজাৰ ধৰ্মধ্বজা উত্তোলন কৰি পূজাৰ শুভাৰম্ভ কৰে ৰাজ্যৰ জলসিঞ্চন ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই । জয়ন্তীপুৰৰ পশ্চিম ৰঙিয়া বাৰোৱাৰী দুৰ্গাপূজাৰ ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি তিলক লহকৰে। পূজা উপলক্ষে ৰঙিয়া মহকুমাত এক উলাহ মালহৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিখন পূজা মণ্ডপত অসংখ্য ভক্তৰ ভীৰ। পূূজা লগত সংগতি ৰাখি নাগাৰা নাম, আয়তীৰ নাম ঢোল বাদন, আৰতী আদিৰ আয়োজন কৰা হৈছে। শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ৰাজ্য চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই সমুহ ধৰ্মপ্ৰাণ ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছে। এই দুৰ্গাপূজাই ৰাজ্যৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ মাজত শান্তি সম্প্ৰীতি আৰু ভ্ৰাতৃত্ব বোধৰ এনাজৰী কটকটীয়া কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কলিতাৰ উপৰিও সমূহ জনসাধাৰণলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, প্ৰাক্তন বিধায়ক অনন্ত ডেকা, কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন সংসদীয় সচিব ঘনশ্যাম কলিতা,জিলা পৰিষদৰ প্ৰাক্তন সভাপতি দেৱব্ৰত কলিতা, পৌৰ প্ৰতিনিধি দ্বীপেন চক্ৰৱৰ্ততী, প্ৰদীপ কাকতি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মুৰতাজ ৰহমান, ৰঙিয়া পৌৰসভাৰ পৌৰপতি সীমা বৈশ্য উপ পৌৰপতি ফজনুৰ হক, ৰঙিয়া প্ৰেেছ ক্লাব, গৰিিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে। এই শাৰদীয় দুৰ্গোৎসৱে আমাৰ সমাজৰ পৰা অসূৰৰূপী অপশক্তিক বিদায় দি দেশ তথা ৰাজ্য খনত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে হিংসা- বিদ্বেষ, অপায় অমঙ্গল দূৰ কৰি আটাইয়েৰে জীৱনবোৰ সুখ, শান্তি, সমৃদ্ধিৰে পৰিপূৰ্ণ কৰিব বুুলি তেওঁলোকে কামনাা কৰে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close