অসম

ৰূপহীহাটৰ ছাত্ৰ- ছাত্ৰীৰ প্ৰতিভা, দিল্লীৰ ছাত্ৰ- ছাত্ৰীতকৈ অধিক“- নৱাগত আদৰণিত সাংসদ গৌৰৱ গগৈ

প্ৰথম খবৰ, এম আবু হানিফা: ৰূপহীহাট-“ ৰূপহীহাটৰ ছাত্ৰ- ছাত্ৰী সকলৰ প্ৰতিভা দিল্লী বা তেনে আগশাৰীৰ মহানগৰ সমূহৰ ছাত্ৰী- ছাত্ৰীতকৈ কোনো গুনে কম নহয়,বৰং বেছিহে“ দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হোৱা ৰূপহী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত এইদৰে মন্তব্য কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷নিজৰ ভাষণ প্ৰসংগত সাংসদ গৰাকীয়ে অসমৰ নৱ প্ৰজন্মৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিবৰ বাবে অহৰহ চিন্তা কৰি থকা বুলি জানিবলৈ দিয়ে ৷মহাবিদ্যালয়ৰ অধ্যক্ষ ড‘ ভূৱনানন্দ পাটনায়কৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকি ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই আনুসাংগীক দিশত বহু আগবাঢ়ি থকাৰ পিছতো মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাই চৰকাৰী মঞ্জুৰি নোপোৱাটোক দূভাগ্য বুলি আক্ষেপ প্ৰকাশ কৰি সমষ্টিটোৰ দুয়োখন মহাবিদ্যায়ৰ উন্নয়নৰ হকে সদায় আগুৱাই থাকিব বুলি দোহাৰে ৷মহাবিদ্যালয় খনৰ ডেক্স- বেঞ্চ বনাবৰ বাবে বিধায়ক পুজিৰ পৰা দহ লক্ষ টকা আবণ্টনৰ ঘোষনা কৰে ৷অধ্যক্ষ ড° পাটনায়কে আদৰণি ভাষনৰ জৰিয়তে মহাবিদ্যালয় খনৰ শৈক্ষিক উন্নয়নৰ খতিয়ান দাঙি ধৰা সভা খন পৰিচালনা কৰে অধ্যাপিকা মইনা মনি দেৱীয়ে সম্বৰ্ধনা পৰ্ব পৰিচালনা ৷ ইফালে বিয়লি নিমন্ত্ৰিত অতিথিৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচী ৰূপায়নেৰে নৱাগত আদৰণি কাৰ্যসূচীৰ সামৰণি পৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close