অসমবিনোদনশীৰ্ষৰাষ্ট্ৰীয়

নগ্নতাও শিল্প, মই এগৰাকী শিল্পী: ঈষিকা বৰা

আন্তৰ্জাতিক ছুপাৰমডেল ঈষিকাই ‘প্ৰথম খবৰ’ক ক’লে ন্যুড মডেলিঙৰ আঁৰৰ বহু অজানা কথা

ঈষিকা বৰা। ন্যুড বা ছেমি ন্যুড ফটোৰ বাবে আন্তৰ্জাতিকভাৱে চিনাকি নাম ঈষিকা বৰা। শৰীৰ প্ৰদৰ্শনক তেওঁ এক কলা বুলিয়েই ভাবে। প্ৰাপ্তবয়স্কৰ আলোচনী দেৱনায়াৰৰ পাঁচবাৰৰ ক’ভাৰ মডেল ঈষিকাই প্লেবয়ৰ বাবেও ফটোশ্বুট কৰিছে। প্ৰথম খবৰৰ সম্পাদক ৰুবুল দাসৰ সৈতে হোৱা সাক্ষাৎকাৰত ঈষিকা বৰাই ক’লে ন্যুড মডেলিং জগতৰ আঁৰৰ বহু কথা।

(১)

ঈষিকা বৰাৰ সৈতে প্ৰথমবাৰৰ বাবে যেতিয়াই কথা পাতিছিলো, সেয়া আছিল আমাৰ বাবে আচৰিত হোৱাৰ পাল। ইমান শুদ্ধ আৰু সুন্দৰৰকৈ অসমীয়াত কথা পাতিলে যে বহু গুৱাহাটীত থকা অসমীয়া যুৱতীয়ে আধুনিকতাৰ আঁচোৰত তেনেকৈ কথা পাতিব নোৱাৰে। ঈষিকা বৰাই অসমীয়া মাধ্যমত পঢ়া নাই। জীৱনৰ বেছি সময়েই দিল্লী আৰু মুম্বাইত কটোৱা ঈষিকাৰ মুখত সলসলীয়া অসমীয়া শুনাটো বহুতৰে বাবে নিতান্তই আশ্বৰ্যকৰ কথা।

এগৰাকী আন্তৰ্জাতিক ছুপাৰমডেল হিচাপে ঈষিকাই বিভিন্ন প্ৰকল্পত কাম কৰিছে। প্ৰায় এটা দশক ধৰি তেওঁ মডেলিঙৰ সৈতে জড়িত। ভাৰতৰ সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁ মডেলিঙৰ জৰিয়তেই চিনাকি। কেমেৰাৰ সন্মুখত নগ্ন হ’বলৈ তেওঁ কেতিয়াও বিব্ৰতবোধ কৰা নাই। কাৰণ নগ্নতাকো এক কলা হিচাপেই ধৰি আহিছে তেওঁ।

“ন্যুডিটী বা নগ্নতাক লৈ ধাৰণা সলনি হৈছে। ন্যুড শ্বুটক আজিকালি সকলোৱে সাধাৰণভাৱেই লয়। সেয়া ভাল লাগে।” প্ৰথম খবৰৰ আগত এনেদৰেই ক’লে ছুপাৰমডেলগৰাকীয়ে।

“আগৰ দিনৰ কথাবোৰ বেলেগ আছিল। ঈষিকাই দেৱনায়াৰাত শ্বুট কৰিছে – সেইবোৰ বহুতৰে বাবে সপোনৰো আগোচৰ আছিল। তেওঁলোকে যেন বেলেগক দেখাই নাই! মিছ ৱৰ্ল্ড, মিছ ইউনিভাৰ্ছ সকলোৱেইতো বিকিনি পিন্ধে। কোন ন্যুড নহয়?” ঈষিকাই ক’লে।

নগ্নতাক লৈ ঈষিকাৰ পৰিয়ালত কোনো সমস্যা নাই। বৰ্তমানৰ বাসস্থান মুম্বাইতো সেয়া সাধাৰণ কথা। “মোৰ পৰিয়ালৰ সকলোৱে জানে। মা-দেউতাক মই কৈছোঁ। এইটো মোৰ পেছা, গতিকে তেওঁলোকৰ কোনো আপত্তি নাই। তেওঁলোক সদায় মোৰ কাষত আছে। মুম্বাইত থাকোঁ, তাতো কোনেও একো নাভাবে। সকলো অ’পেন মাইণ্ডেড হৈ থাকে।” কিন্তু একাংশ প্ৰতিবেশীয়ে কিন্তু তেওঁৰ এই পেছাটোক সহজভাৱে ল’ব পৰা নাই। “মোৰ পৰিয়ালৰ একোৱেই অসুবিধা নাই। কিন্তু প্ৰতিবেশীবোৰৰহে ইমান সমস্যা! বলিউডৰ চেলিব্ৰেটীয়ে কৰিলে কাৰো গাত নালাগে। মই কৰিলে কিয় লাগে?”

“অসমলৈ গ’লে কেতিয়াবা মোৰ এনেকুৱা লাগে যেন মই ১০ বছৰ পিছলৈ আহিছোঁ।” এই ক্ষেত্ৰত ঈষিকাৰ এটা প্ৰশ্ন আছে- “বহুতে আবুৰতা ৰাখিছে। শাৰী পিন্ধি আহে। কিন্তু তেওঁলোকে বিচনা বগাই আগুৱাই গৈছে। মইতো কেতিয়াও প্ৰফেছনৰ বাবে কাৰো সৈতে শোৱা নাই। নোশোৱাকৈ কাম কৰিছোঁ। তেন্তে মোৰ ক্ষেত্ৰত সমস্যা ক’ত? মই জবাব দিও। সেইটো কিছুমানে বেয়া পায়।”

“মই ন্যুড কৰোঁ, ছেমি ন্যুড কৰোঁ। সেয়া আৰ্ট। তাৰ বাবে মোক কোনেও চুবলৈ নাহে। আমি যেতিয়া কাম কৰোঁ, সেই সময়ত ফটোগ্ৰাফাৰ থাকে, লেডী ডিজাইনাৰ থাকে, আমি সকলোৰে সন্মুখতে কৰোঁ।” 

ঈষিকাৰ স্পষ্ট কথা, “এইটো নহয় যে, ফটোগ্ৰাফাৰে পিছত মোক শুবলৈ মাতিলে। তেনেকুৱা কেতিয়াও নহয়। পইচা লৈছোঁ, কাম দিছোঁ। ফটোগ্ৰাফাৰসকলে আমাক কয় যে, তেওঁলোকে মডেলবোৰক পূজা কৰে। ফ্ৰেইণ্ডশ্বিপ ৰিলেশ্যন থকাটো বেলেগ কথা, কিন্তু তেওঁলোকে কাৰো গাত হাত নিদিয়ে। ইয়াত যেতিয়া শ্বুটিং হয়, গণেশক পূজা কৰাৰ পাছতহে শ্বুটিং আৰম্ভ হয়।”

ছুপাৰমডেল ঈষিকাই কৈ গ’ল তেওঁৰ জগতখনৰ বহু কথা। পৰৱৰ্তী সময়ত সেই কথা আমি আগবঢ়াম প্ৰথম খবৰৰ পাঠকৰ বাবে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close