অসম

অসম-মেঘালয় সীমান্তত পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডাসহ মেঘালয়ৰ ট্ৰাক জব্দ

খেৰণি, ১৬ ডিচেম্বৰ:—-অসম-মেঘালয়ৰ সীমান্তত পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডাসহ মেঘালয়ৰ ট্ৰাক জব্দ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফালাঙৰ পৰা এইবাৰ খেৰণি বন বিভাগে জব্দ কৰে এখন কুণ্ডাভৰ্তি ট্ৰাক। ইয়াৰ পূৰ্বেও যোৱা কিছুদিন পূৰ্বে অসম-মেঘালয়ৰ সীমান্তৰ মোলাবেৰ আৰু উমতাঙ আদি অঞ্চলৰ পৰা মেঘালয়ৰ পঞ্জীয়নভুক্ত কেবাখনো অবৈধ কুণ্ডাভৰ্তি ট্ৰাক জব্দ কৰিছিল আৰক্ষী আৰু খেৰণি বন বিভাগে। উল্লেখযোগ্য যে একেদৰে এইবাৰো অসম-মেঘালয় সীমান্তৰ কাৰ্বি আংলঙৰ ফালাঙৰ পৰা তথা বন বিভাগটোৰ কাৰ্য্যালয়ৰ পৰা ৬০ কি:মি: দূৰত্বত অবৈধভাৱে মেঘালয়লৈ কুণ্ডা সৰবৰাহ কৰাৰ চেষ্টা কৰি থকা অৱস্থাত খেৰণি বনবিভাগে এখন কুণ্ডাভৰ্তি ট্ৰাক ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে। গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত খেৰণি বন বিভাগৰ এটা অভিযানকাৰী দলে বৃহত্তৰ অসম-মেঘালয়ৰ সীমান্ত অঞ্চলত ব্যাপক অভিযান চলায় এম এল-জে -১৬৩৩ নম্বৰৰ কুণ্ডাভৰ্তি এখন ট্ৰাক জব্দ কৰিছে। উল্লেখ্য যে বনকৰ্মীয়ে ট্ৰাক উদ্ধাৰস্থলী পোৱাৰ পূৰ্বেই সময়ৰ সুবিধাৰ সুযোগ লৈ কাঠ চোৰ আৰু ট্ৰাক চালকে ট্ৰাক এৰি পলায়ন কৰে। আৰু এইদৰে দীৰ্ঘ দিন ধৰি মেঘালয়ৰ বনদস্যুৰ বন ধ্বংস যজ্ঞ চলিছে অসম ৰাজ্যৰ কাৰ্বি পাহাৰত তথা অসম-মেঘালয় সীমান্ত অঞ্চলত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close