অসম

আজমলৰ অভব্য আচৰণক তীব্ৰ গৰিহণা অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্ছ এছোচিয়েশ্বন চমুকৈ আইৰাৰ

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ভৰলু থানাত এজাহাৰ দাখিল আইৰাৰ অসম ৰাজ্যিক সমিতিৰবদৰুদ্দিন আজমলৰ বিৰুদ্ধে ভৰলু থানাত এজাহাৰ দাখিল আইৰাৰ অসম ৰাজ্যিক সমিতি

পঙ্কজ নাথ, চাংসাৰি, ২৮ ডিচেম্বৰ : ৰাজ্যত সৰ্বত্ৰে সাংবাদিকক অসভ্যালি কৰা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে ধিক্কাৰ প্ৰদান ও গ্ৰেপ্তাৰৰ দাবী তুলি থকাৰ সমান্তৰালকৈ ভাৰতবৰ্ষৰ বৃহৎ সাংবাদিক সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্ছ এচোশ্বিয়েচন চমুকৈ আইৰা’ৰ অসম ৰাজ্যিক সমিতিয়ে মানকাচাৰৰ ইটিভি ভাৰতৰ সাংবাদিক কবিৰ মণ্ডলক ধুবুৰীৰ লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে কৰা অভব্য আচৰণ ও অসভ্যালিক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰিও শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে । ইয়াৰ লগতে আগন্তুক দিনত বদৰুদ্দিন আজমলৰ তথা এ আই উ ডি এফৰ কোনো ধৰণৰ বাতৰি প্ৰচাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে । এজন ৰাজনৈতিক দলৰ নেতা তথা সাংসদৰ এনে অশোভনীয় আচৰণে গণতন্ত্ৰক অপদস্থ কৰা বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে আইৰা, অসম শাখাৰ সভাপতি কিৰণ কুমাৰ গগৈয়ে। লগতে এনেকুৱা মানসিকতাৰ লোকৰ হাতৰ পৰা সংবাদ মাধ্যম তথা সাংবাদিকক ৰক্ষণাবেক্ষণ দিবৰ বাবে অতি সোনকালে সাংবাদিক সুৰক্ষা আইন প্ৰণয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও চৰকাৰক আহ্বান জনাইছে সভাপতি গগৈয়ে। আনহাতে সাংসদ গৰাকীয়ে ৰাজহুৱা ভাৱে ক্ষমা নোখোজালৈকে অসমৰ সংবাদ জগতক তেওঁৰ দলৰ বাতৰি পৰিবেশনৰ পৰাও বৰ্জিত থাকিবলৈ অসমৰ প্ৰতিগৰাকী সংবাদ কৰ্মীকে আহ্বান জনাইছে ৰাজ্যিক সাধাৰণ সম্পাদক পঙ্কজ নাথে। বদৰুদ্দিন আজমলে সাংবাদিক কবিৰ মণ্ডলৰ সতে কৰা অভব্য আচৰণ তথা সাংবাদিক গৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ বাবে ইয়াৰ বিৰোধিতা কৰি সাংবাদিকৰ ওপৰত নিৰ্যাতন চলোৱা আৰু প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অপৰাধত কালি মহানগৰীৰ ভৰলু থানাত আইৰাৰ অসম ৰাজ্যিক সমিতিয়ে এক গোচৰ ৰুজু কৰিছে । ইয়াৰ লগতে গণতন্ত্ৰক সন্মান কৰিব নজনা বদৰুদ্দিন আজমলক তেও কৰা দুষ্কাৰ্যৰ বাবে এক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে সংগঠনটোৱে।

Tags

Related Articles

Leave a Reply

Close