অসমশীৰ্ষ

আজিৰে পৰা গুৱাহাটীত আৰম্ভ হোৱা অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় অধিবেশনৰ প্ৰথম দিনৰ কাৰ্য্যসূচীত উপস্থিত ৰাজ্যপাল জগদীশ মুখীৰ সহিতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ।

পঙ্কজ নাথ, চাংসাৰি, ২৩ ডিচেম্বৰ :আজিৰে পৰা আৰম্ভ হোৱা অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় অধিবেশনৰ প্ৰথম দিনৰ কাৰ্য্যসূচীত উপস্থিত থকা অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ব্ৰিটিছৰ দিনত ভাৰতবৰ্ষৰ যিবোৰ ইতিহাস লিপিবদ্ধ কৰা হৈছিল সেয়া সম্পূৰ্ণ বিকৃত ৰূপত উপস্থাপন কৰা হৈছে বুলি উল্লেখ কৰি ভাৰতবৰ্ষৰ জনসাধাৰনে সম্প্ৰতি দেশখনৰ প্ৰকৃত ইতিহাসৰ পৰিবৰ্তে বিকৃত ইতিহাস পঢ়ি থাকিব লগাৰ কথা কৈ ভাৰতবৰ্ষত কোনোদিনে ভৰি থৈ নোপোৱা এচাম লোকে ভাৰতবৰ্ষৰ ইতিহাস লিখাটো দুৰ্ভাগ্যজনক বুলি নিজৰ অভিমত ব্যক্ত কৰে । ভাৰতীয় ইতিহাসক ভাৰতীয় দৰ্শন আৰু প্ৰমূল্যৰে নিজাকৈ লিখন সংৰক্ষণ আৰু মূল্যাংকনৰ আদৰ্শত গঠিত অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ত্রিবাৰ্ষিক একাদশ ৰাষ্ট্ৰীয় অধিৱেশনখন গুৱাহাটীত ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত আজিৰে পৰা শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপাল গৰাকীয়ে পুনৰ কয় যে, ভাৰতবৰ্ষৰ বিকৃত ইতিহাস সলনি কৰি দেশখনৰ প্ৰকৃত ইতিহাস লিপিবদ্ধ কৰি নৱ প্ৰজন্মক জ্ঞান দিয়াটো অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ মূল লক্ষ্য বুলি সদৰী কৰে । আনহাতে সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে ভাৰতবৰ্ষৰ পাঁচ হেজাৰ বছৰ পুৰণি ঐতিহ্য, পৰম্পৰা তথা গৌৰৱৰ কথা মনত পৰিলে মন আনন্দত আন্দোলিত হৈ পৰে । মোগলৰ বিৰুদ্ধে অসমৰ লাচিত বৰফুকনে যি সাহস দেখুৱালে সেয়া ভাৰতবৰ্ষক সাহস আৰু শক্তি প্ৰদান কৰি আহিছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীজনে অৰুণাচলৰ পৰা গুজৰাট আৰু কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈ পুৰণি যি ইতিহাস আছে সেয়া প্ৰতিজন ভাৰতীয়ই পঢ়াৰ আৱশ্যকতা আছে । আনহাতে, ভাৰতবৰ্ষৰ সাংস্কৃতিক, ৰাজনৈতিক, সামাজিক ইতিহাস সমৃদ্ধ কথাই আমাক গৌৰবান্বিত কৰে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত মন্তব্য প্ৰদান কৰে । সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকার্যবাহ সুৰেশ যোশীয়ে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি কয় যে ভাৰতবৰ্ষই হেজাৰ হেজাৰ বছৰ ধৰি সকলোবোৰ বিষয়তে ধণাত্মক ভাবে চিন্তা চৰ্চা কৰি আহি সমাজখন ধৰি ৰাখিছে বুলি মন্তব্য কৰি ভাৰতবৰ্ষই কেৱল সমাজ উত্তৰণৰ দিশত কাম কৰি আহিছে । সমগ্ৰ বিশ্বই ঋণাত্মক দিশত গতি কৰিলে কেৱল ভাৰতবৰ্ষই হে নেতৃত্ব দি বিশ্বক ধ্বংসমুখৰ পৰা উদ্ধাৰ কৰিব পাৰে বুলি সদৰী কৰি যোশীয়ে পুনৰ কয় যে দেশ আৰু সমাজৰ প্ৰতি সমৰ্পিত লোক আৰু চিন্তা কৰা লোক কেৱল ভাৰতবৰ্ষত হে বিদ্যমান বুলি তেখেতে মন্তব্য প্ৰকাশ কৰে । ইয়াৰ পূৰ্বে পুৱা প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰে, দুপৰীয়া ২:৩০ বজাৰ পৰা ধৰ্ম বিষয়ক আলোচনা আৰু ৪:৩০ৰ পৰা অখিল ভাৰতীয় বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাত অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ সভাপতি সতিশ চন্দ্ৰ মিট্টলেও ভাষণ প্ৰদান কৰে । ২৩,২৪ আৰু ২৫ ডিচেম্বৰত তিনিদিনীয়াকৈ গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আৰম্ভ হোৱা মহাধিবেশনখনত সমগ্ৰ ভাৰতবৰ্ষৰ বাৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহন কৰিছে ৷ উক্ত প্ৰতিনিধিবৰ্গক গুৱাহাটীৰ বিভিন্ন হোটেল, ল’জ, অতিথিশালাত ৰখাৰ সুব্যৱস্হা কৰা হৈছে ৷ অধিবেশনত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক বি আৰ মণি, ভাৰতীয় স্মাৰক প্ৰাধিকৰণৰ অধ্যক্ষ সুস্মিতা পাণ্ডে, ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদৰ অধ্যক্ষ অৰবিন্দ জামেখেডকাৰ, অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যাপক সতীশ চন্দ্ৰ মিট্টলৰ লগতে ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী ড: বালমুকুন্দ পাণ্ডে আদিয়ে উপস্থিত আছে ৷ আনহাতে, ৰাষ্ট্ৰীয় অধিবেশনৰ সতে ৰজিতা খুৱাই স্মৃতিগ্ৰন্হ, কেবাখনো পুথি আজিৰ সভাতে উন্মোচন কৰা হয় । ইয়াৰ উপৰিও এই অনুষ্ঠানটোত ইতিহাস তথ্য সম্বলিত এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰি অধিবেশনত উপস্থিত ৰাইজৰ মাজত ইতিহাসৰ চানেকি দিয়াৰ প্ৰয়াস কৰাত অধিবেশনৰ আয়োজক সমিতিক ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।

Related Articles

Leave a Reply

Close