অসম

উমচুৱাইত তিৱা সাহিত্য সভাৰ লাইখুটা স্হাপন

সাহিত্য সভাৰ অধিবেশনত অংশগ্ৰহনৰ বাবে আহিব চাৰিখন দেশৰ প্ৰতিনিধি

জাগিৰোডৰ পৰা দিপাংকৰ বৰা প্রথম খবৰ :- তিৱা সাহিত্য সভাৰ ১১ সংখ্যক সাধাৰণ অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে । অহা ২০১৯ বৰ্ষৰ ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত উমচুৱাইত অনুষ্ঠিত হব তিৱা সাহিত্য সভাৰ ১১ সংখ্যক সাধাৰণ অধিৱেশন ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এই অধিবেশনত অসম-মেঘালয়ৰ লগতে অৰুনাচলত থকা তিৱা জনগোষ্ঠীয় লোকৰ লগতে জাতি-ধৰ্ম-বৰ্ন নিৰ্বিশেষে অংশগ্ৰহন কৰিব সকলো ৷ নেলীৰ পৰা ৪০ কিলোমিটাৰ দূৰৈত উমচুৱাইৰ বালাখঙ ক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া অধিৱেশনস্থলীত এইবেলি ১৫ খনতকৈ অধিক গ্ৰন্হ উন্মোচন কৰিব তিৱা সাহিত্য সভাই । লাইখুঁটা স্হাপন কৰা এই অনুষ্ঠানত বালাখঙৰ ক্ষেত্ৰত পৰম্পৰা অনুযায়ী কনে কাটি মঙলা চোৱাৰ পিছত স্হাপন কৰে সাহিত্য সভাৰ লাইখুঁটা ৷ বিদেশী প্ৰতিনিধিৰ লগতে ৰাজ্যৰ লগতে মেঘালয় আৰু অৰুনাচলৰ প্ৰায় ৪০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহন কৰিব ৷ তিৱা জনগোষ্ঠীয় বিভিন্ন লোকনৃত্য-আৰু লোকবাদ্যৰে অনুষ্ঠিত হবলগীয়া তিৱা সাহিত্য সভা বাজেট ৫২ লাখ টকা ৷

Related Articles

Leave a Reply

Close