অসম

ওদালগুৰিত দিন দুপৰতে চুৰি

20 তোলা সোন সহ নগদ ধন পঞ্চাশ হেজাৰ টকা লুট

গুনজিত দাস ,প্ৰথম খৱৰ;ওদালগুৰি ,27 ডিচেম্বৰ : ওদালগুৰিত দিন দুপৰতে চুৰিৰ ঘটনা ঘংঘটিত হোৱাটো হোৱাটো এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিনত হৈছে যদিও নিৰ্বিকাৰ আৰক্ষী । আজি ওদালগুৰিৰ উ পায়ুক্ত কাৰ্য্যলয়লৰ ওচৰতে দিন দুপৰতে চোৰে বৃহত পৰিমানৰ সোন আৰু নগদ ধন লুট কৰি নিয়া ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতক্ৰীয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে ওদালগুৰিৰ বিশিষ্ট নাগৰিক দিনেশ চন্দ্ৰ দাস আৰু তেওৰ ঘৰত ভাৰাতীয়া হিচাপে থকা এছ এছ বিৰ বিষয়া এছ বৰাৰ ঘৰত কোনো নথকাৰ সুযোগতে আজি দিনৰ তিনি মান বজাত চোৰে কাৰিকৰি কৌশলৰে ঘৰৰ দুৱাৰ খুলি লুটি কৰি নিয়ে। এচ এচ বিৰ বিষয়া গৰাকীয়ে কোৱা মতে দুটা বিভাগীয় কাৰ্যত ব্যৱহিত মোবাইল আৰু প্ৰায় 15 হেজাৰ নগদ ধন আনহাতে ঘৰৰ মুল গৰাকী দিনেশ চন্দ্ৰ দাসৰ ঘৰৰ পৰা 20 তোলা সোন আৰু নগদ প্ৰায় 30 হেজাৰ টকা চুৰি কৰি নিয়ে। আচৰ্যজনক ভাৱে দিনেশ দাসৰ ঘৰত লকাৰৰ চাবি ইমান সহজেই কেনেকৈ বিছিৰি কলাৰ খুলি নিয়ে সোন খিনি। ঘটনাৰ পিছত ভৰি পৰিছে চুবুৰীয়া ৰাইজ। সকলোৰে এটাই প্ৰশ্ন ওদালগুৰিত দিন দুপৰতে এনেদৰে চোৰ হৈ থকাৰ পিছতো কিয় ব্যৱস্হা গ্ৰহন কৰিব কৰিব পৰা নাই । ৰাতি নহয় এতিয়া দিনতে হাতীটো অহাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে ওদালগুৰিত ।

Related Articles

Leave a Reply

Close