অসমশীৰ্ষ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় হত্যা।কাটি নিলে খড়্গ।

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ:১৫ডিচেম্বৰ:দীৰ্ঘ দিনৰ বিৰতিৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় হত্যা ৷শনিবাৰে পুৱতি নিশা ৰাষ্ট্ৰীয় উদ্যান খনৰ বাগৰি বনাঞ্চলত চোৰাং চিকাৰীয়ে এটা মতা গঁড় নিধন কৰি কাটি নিলে খড়্গ ৷তাৎপৰ্য পূৰ্ণ কথা যে বাগৰি বনাঞ্চল আৰু এলিফেণ্ট ৰাইডিং পইণ্টৰ পৰা কিছু দূৰত্বতে চোৰাং চিকাৰীয়ে গঁড় নিধন কৰাৰ পাছতো বনকৰ্মীয়ে উমানেই নেপালে ৷পুৱা হাতীছাফাৰীলৈ যোৱা পৰ্যটকৰ দৃষ্টিত পৰে খড়্গ হীন গঁড়টো ৷লগে লগে ছাফাৰীত যোৱা বন কৰ্মীয়ে বনাঞ্চলিক বিষয়াক খবৰ দিয়াত তৎপৰ হৈ পৰে বিভাগীয় বিষয়া কৰ্মচাৰী ৷বন বিভাগৰ সূত্ৰ মতে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষনাৰ পাছৰে পৰা উদ্যান খনৰ দাঁতি কাষৰীয়া এলেকাত ফটকা ফুটি থকাৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হ’ল কৰ্তব্যৰত বন কৰ্মীৰ ৷বনবিভাগে স্নিফাৰ ডগৰ সহায়ত এলেকাটোত অভিযান আৰম্ভ কৰিছে ৷

Related Articles

Leave a Reply

Close