অসমশীৰ্ষ

চলন্ত ৰে’লত মৃত্যু আৰক্ষীৰ

প্ৰথম খবৰ লামডিং :- চলন্ত ৰেলত মৃত্যু ঘটিল এগৰাকী মেঘালয় পুলিচৰ প্ৰশিক্ষাৰ্থী ৷ বৰদিনৰ উপলক্ষে প্ৰশিক্ষণ শিৱিৰৰ পৰা ছুটি লৈ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা নামনিমুৱা ১২০৬৮ জনশতাপব্দী এস্কপ্ৰেছ ৰেলেৰে যোৱাৰ পথতে মৃত্যু হয় কেডাৰ গৰাকীৰ ৷ ২৪বছৰীয়া মৃত কেডাৰ গৰাকী মেঘালয়াৰ উমলিং গাৱৰ সিডালিন ৰংপি(Shidalin Rongpeit) ৷ মেঘালয় বিশেষ আৰক্ষী বাহিনি ১০ কেডাৰ গৰাকী তৃতীয় প্লেটুনত নাগালেণ্ডৰ অসম প্ৰশিক্ষণ কেন্দ্ৰ আৰু বিদ্যালয় ১ ত ( Assam Training Center & School No1) প্ৰশিক্ষণৰত আছিল ৷ ট্ৰেইনখনৰ এছ ৯ ডৱাৰে এটি প্ৰশিক্ষাৰ্থীৰ এটি দল ছুটিত মেঘালয়লৈ বুলি ৰাওনা হৈছিল কিন্তু গন্তব্যস্থানলৈ যোৱাৰ পথতে ৰংপি উপাধিৰ কেডাৰ গৰাকী ডিফু আৰু লামডিঙৰ মাজত হঠাতে অসুস্থ হৈ পৰে আৰু লামডিং পোৱাৰ লগে লগে লামডিং জিআৰপিৰ সহযোগত ৰেলৱে চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে মৃত বুলি ঘোষিত কৰে ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও সম্পূৰ্ণ ঘটনাটো ৰহস্যৰ আবৰ্তত ৷ তাৰোপৰি লগৰ কোনো এজন কেডাৰে ঘটনাৰ সন্দৰ্ভত মুখ নুখুলিলে আৰু এগৰকী বিষয়াই এই ঘটনাত মন্তব্য দিয়াৰ পৰা বিৰত থকা দেখা যায় ৷ প্ৰশিক্ষণ শিৱিৰত সুস্থ অৱস্থাত প্ৰশিক্ষণ লৈ থকা এগৰাকী কেডাৰৰ এনেধৰণৰ আকস্মিক মৃত্যুৱে এতিয়া সকলোৰে মাজত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close