অসম

চেঙা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ

লাইখুঁটা স্থাপন বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বীজেন্দ্ৰনাথ গোস্বামীৰ

চেঙাৰ পৰা মইদুল ইছলাম,প্ৰথম খবৰ 27 ডিচেম্বৰঃ বৰপেটা জিলাৰ চেঙাস্থিত প্ৰয়াত অশোকানন্দ চৌধুৰী সোঁৱৰণি চেঙা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজি লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বীজেন্দ্ৰনাথ গোস্বামীয়ে । অহা 6, 7 আৰু 8 জানুৱাৰীত তিনিদিনীয়া আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। 6 জানুৱাৰীৰ পুৱা 9 বজাত ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি গিৰিজা দেৱ শৰ্মাই পতাকা উত্তোলন কৰি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব। সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন আৰু সান্ধ্যবন্দনা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব চেঙা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য প্ৰদীপ দেৱ বায়নে । 7 জানুৱাৰীত দিনত 11 বজাৰ পৰা নিকেতনৰখনৰ পৰিচালনা সমিতিৰ সভাপতি অনিল চন্দ্ৰ পাঠকৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হ’ব। সন্মানীয় অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰদীপ দাস, ৰূপালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য উপদেষ্টা সত্যেন্দ্ৰনাথ পাঠক উপস্থিত থাকিব। সন্ধিয়া 8 বজাত নলবাৰীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰাই পৰিবেশন কৰিবলগীয়া সংগীতানুষ্ঠানৰ উদ্বোধন কৰিব বিশিষ্ট নাট্যশিল্পী অনিৰুদ্ধ পাঠকে । 8(আঠ) জানুৱাৰীত দিনৰ দুইবজাৰ পৰা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি গিৰিজা দেৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে।বিশিষ্ট অতিথি হিচাপে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য তৰুণ চন্দ্ৰ বৰা আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, নিৰ্দিষ্ট বক্তা হিচাপে শিশু শিক্ষা সমিতিৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য তথা ধুবুৰীৰ ভোলানাথ কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ দ্বিপেন্দ্ৰ কুমাৰ অধিকাৰী উপস্থিত থাকিব। সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন আৰু সান্ধ্যবন্দনা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব নিকেতনখনৰ ভূমিদাতা পৰিয়ালৰ সদস্য কুলদানন্দ চৌধুৰীয়ে। সন্ধিয়া 6 বজাত আমন্ত্ৰিত শিল্পী ডাঃ সুদীপ ৰঞ্জন মেধি আৰু ৰাজশ্ৰী শইকীয়াৰ সাংস্কৃতিক অনুষ্ঠান গীতাঞ্জলী উদ্বোধন কৰিব বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যই। ৰূপালী জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সম্পাদক ৰোহিণী কুমাৰ দাসে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close