অসম

ডুমডুমা জাতীয় বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উৎপল তামুলীৰ মৃত্যু

ডুমডুমা, ১৭ ডিচেম্বৰ : প্ৰাপ্ত বাতৰি অনুসাৰে কালি পুৱা ইয়াৰ ওচৰৰ ৰূপাই তপোবন নিবাসী সমাজকৰ্মী ব্যক্তি তথা ডুমডুমা জাতীয় বিদ্যালয়ত ২০০৫ চনৰপৰা ৫ বছৰৰ ওপৰ কাল অধ্যক্ষৰ দায়িত্ব পালন কৰা আৰু পৰবৰ্তী কালত অইন শিক্ষানুষ্ঠানত শিক্ষকতা কৰা সৰবৰহী লোক উৎপল তামুলী(৪৫) হঠাৎ নিজ ঘৰতে অসুস্থ হৈ পৰাত লগে লগে তিনিচুকীয়াৰ চিভিল হস্পিটেললৈ লৈ যোৱা হৈছিল যদিও নিশাভাগত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে । এওঁৰ আকস্মিক মৃত্যুত ডুমডুমা জাতীয় বিদ্যালয় পৰিয়াল, তেওঁ শিক্ষকতা কৰা তালাপৰ জ্ঞানদ্বীপ বিদ্যালয়, ৰূপাই-ডুমডুমা আদি ঠাইত গভীৰ শোকৰ ছাঁ পৰিছে । মৃতকে ইহ সংসাৰত মাতৃ আৰু পত্নীক এৰি থৈ গৈছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close