অসম

দিলোৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব সম্পৰ্কত বিশ্বনাথৰ উপায়ুক্তৰ স্পষ্টীকৰণ

_বিশ্বনাথ চাৰিআলি, ১৫ ডিচেম্বৰঃ_ বিশ্বনাথ জিলাৰ ২০ নং ছোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি হিচাপে সদ্যনিৰ্বাচিত দিলোৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ সম্পৰ্কীয় বিষয়ত জিলা প্ৰশাসনৰ ভূমিকা সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত আজি প্ৰচাৰিত কেতবোৰ বাতৰি বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত জিলা প্ৰশাসনৰ স্থিতি স্পষ্ট কৰি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে যে পঞ্চায়ত নিৰ্বাচনৰ সকলোধৰণৰ কাম-কাজ অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী আৰু সংশ্লিষ্ট আইন অনুসৰি পৰিচালিত হৈছে আৰু এইক্ষেত্ৰত জিলা প্ৰশাসনে নিজাববীয়াকৈ কোনোধৰণৰ সিদ্ধান্ত লোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। অসম পঞ্চায়ত আইন, ১৯৯৪ৰ ধাৰা ১১১(ক) অনুসৰি এজন ব্যক্তি যদি কোনো আইনৰ অধীনত দোষী সাব্যস্ত হয়, তেন্তে তেওঁ পঞ্চায়ত নিৰ্বাচনত কোনো পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। কিন্তু ২০ নং ছোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিলৰ সময়ত দিলোৱাৰ হুছেইনে জমা দিয়া শপতনামা অনুসৰি তেওঁ কেতিয়াও কোনো গোচৰত কোনো আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা নাছিল। গতিকে আইন অনুসৰি তেওঁৰ মনোনয়ন বৈধ হিচাপে গণ্য কৰিবলৈ প্ৰশাসন বাধ্য। আনহাতে, অসম ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত উপায়ুক্ত আৰু মহকুমাধিপতিসকলৰ বাবে প্ৰস্তুত কৰা হাতপুথি অনুসৰি ৰাজনৈতিক দলসমূহে তেওঁলোকৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী সন্দৰ্ভত মনোনয়ন দাখিলৰ অন্তিম তাৰিখৰ দিনা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰাধিকৃত বিষয়াক অৱগত কৰিব লাগিব। এইবাৰ সেই সময়সীমা আছিল ১৫ নৱেম্বৰৰ বিয়লি ৩ বজা। তদুপৰি, অসম পঞ্চায়ত (সাংবি্ধানিক নিয়মাৱলী), ১৯৯৫ৰ ধাৰা ২১ৰ উপ-ধাৰা ৩(খ) অনুসৰি কোনো ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী এগৰাকীয়ে দলটোৰ সংৰক্ষিত প্ৰতীক লাভ কৰিবলৈ হ’লে মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম দিনা বিয়লি ৩ বজাৰ ভিতৰত সংশ্লিষ্ট জিলাৰ উপায়ুক্ত বা মহকুমাধিপতিক লিখিতভাৱে জনাব লাগিব। এই সময়সীয়া এইবাৰ সমাপ্ত হৈছিল ১৬ নৱেম্বৰৰ বিয়লি ৩ বজাত। কিন্তু দিলোৱাৰ হুছেইনে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আগবঢ়োৱা প্ৰাৰ্থিত্ব উঠাই লোৱাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বিশ্বনাথ জিলাৰ উপায়ুক্তক ১৭ নৱেম্বৰ তাৰিখেহে আৱেদন দাখিল কৰে। নিৰ্দ্ধাৰিত সময়সীমাৰ পিছত দাখিল কৰা এনে কোনো আৱেদন মনোনয়ন গ্ৰহণৰ দায়িত্বত থকা প্ৰাধিকৃত বিষয়াই গ্ৰহণ কৰিব নোৱাৰে। অৱশ্যে প্ৰাৰ্থীগৰাকীয়ে নিজেই ইচ্ছা কৰা হলে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অৱকাশ তেতিয়াও আছিল। কিন্তু এইবাৰৰ নিৰ্বাচনত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৯ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত যিহেতু তেওঁ নিজৰ মনোনয়ন প্ৰত্যাহাৰ নকৰিলে, গতিকে তেওঁক প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হিচাপে গণ্য কৰিবলৈ প্ৰশাসন বাধ্য। মনোনয়ন গ্ৰহণ, পৰীক্ষা, বাতিল আৰু প্ৰত্যাহাৰ – এই সকলো প্ৰক্ৰিয়া নিৰ্বাচন পৰিচালনাৰ নিৰ্দিষ্ট বিধি অনুসৰিয়েই কৰা হৈছে আৰু ইয়াত জিলা প্ৰশাসনৰ বিশেষ ভূমিকাৰ কোনো প্ৰশ্নৰ অৱতাৰণা হোৱাটোৱেই অমূলক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close