অসম

দৰঙৰ ছিপাঝাৰত অসম প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ শতবৰ্ষ উদযাপনৰ শুভাৰম্ভণী অনুষ্ঠান

প্ৰথম খবৰ ঃ মংগলদৈ ঃ ১৯১৯ চনতে প্ৰতিষ্ঠিত অসমত বসবাস কৰা নাথ যোগী সম্প্ৰদায়ৰ একমাত্ৰ জাতীয় সংগঠন অসম প্ৰাদেশীক যোগী সন্মিলনীৰ এক সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত আজি দৰঙৰ ছিপাঝাৰৰ হলিৰাম নাথ চহৰীয়া ক্ষেত্ৰত এই জাতীয় সংগঠনটিৰ শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভণী কাৰ্যসুচীটি জাকজমকতাৰে অনুষ্ঠিত হয় । ৰাতিপুৱা কৰ্মযোগী হলিৰাম নাথ চহৰীয়া দেৱৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত ১০০ খন পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ ৰ লগতে অন্তৰঙ্গ আলাপ আৰু বিশিষ্ঠ ব্যক্তিসকলৰ সম্বৰ্ধনা অনুষ্ঠান ৰূপায়ন হয় । দিনৰ ১ বজাত মুকলি সভা অনুষ্ঠিত হয় । অসম প্ৰাদেশীক নাথ যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে বিশেষভাৱে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ ডম্বৰুধৰ নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী , মন্ত্ৰী ৰিহন দৈমাৰী , ভৱেশ কলিতা , ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া , মংগলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ লগতে কেইবাগৰাকীও বিশিষ্ঠ ব্যক্তি উপস্থিত থাকি ভাষন ৰাখে লগতে কেইবাটাওঁ জাতি জনগোষ্ঠীৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে । ২৮ তাৰিখ বৃহস্পতিবাৰে ৰাতিপুৱা ৯ বজাত ছিপাঝাৰৰ পৰা শোণিতপুৰৰ লম্বোদৰ বৰা ক্ষেত্ৰ বেছেৰীয়ালৈ এক মটৰ চাইকেল আৰু গাড়ীৰে সদভাৱনা যাত্ৰা কৰিব আৰু বেছেৰীয়াত শতবৰ্ষ অনুষ্ঠানৰ শুভাম্ভৰণী কাৰ্যসূচীৰ সামৰনী মাৰিব এক বিশাল সভাৰ জৰিয়তে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close