অসম

ধূবুৰীত কংগ্ৰেছৰ পাৰ্থীত্ব প্ৰদানত অনিয়মৰ অভিযোগ, প্ৰতিনিধিৰ প্ৰতিক্ৰিয়া

বগৰিবাৰী ২৪ডিচেম্বৰ :- ইউডিএফৰ দূৰ্গ স্বৰূপ ধূবুৰী জিলাত জিলা কংগ্ৰেছ কমিটি আৰু জিলাখনৰ দায়ীত্বত থকা এপিচিচিৰ সংখ্যালঘু কোষৰ সভাপতি ওৱাজেদ আলী চৌধূৰীয়ে সদ্য পন্চায়ত নিৰ্বাচনত বিচখ্খনতাৰে পাৰ্থীত্ব প্ৰদান কৰি ৱাৰ্ড সদস্যৰ পৰা জিলা পৰিষদলৈ বিজয়ৰ পতাকা, তথা একক সংখ্যা গৰীষ্ঠতা লাভ কৰি দলৰ উৰ্দ্বতম কৰ্তৃপক্খৰ পৰা বাহ:বাহ:কৰিয়াবলৈ সখ্খম হয় ।কিন্ত্ত দলৰ বিৰূদ্বাচৰন কৰা একাংশ মূকশধাৰী কংগ্ৰেছী নেতা কৰ্মীয়ে অইন দলৰ ওচটনিত ওৱাজেদ আলী চৌধূৰী,আৰু জিলা কংগ্ৰেছ কমিটিৰ সভাপতি উত্তম কুমাৰ সৰকাৰৰ বিৰূদ্বে প্ৰাৰ্থী সকলৰ পৰা ধন লোৱাৰ অহেতুক অভিযোগ তোলাত কংদলীয় টিকটলৈ বিজয়ী হোৱা নিৰ্বাচিত প্ৰতিনিধি সকলে ব্যপক প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।এই খেত্ৰত একাধিক নিৰ্বাচিত প্ৰতিনিধিয়ে আজি বগৰিবাৰীত এক সাংবাদ মেলত স্বাখ্খ্য বহন কৰি কয়যে, কংদলীয় প্ৰাৰ্থীত্ব পোৱাত আমি কোনো উৎকোচ দিয়া নাই, আনকী বাছনি কমিটিয়ে আমাৰ পৰা কোনো বৰঙণি লোৱা নাই ।এই সংক্ৰান্তে পানবাৰীৰ প্ৰাক্তন জিলা পৰিষদ,তথা সদ্য নিৰ্বাচিত পানবাৰী জিলা পৰিষদৰ সদস্যা ৰেহেনা পাৰবিনৰ স্বামী আ: ৰেজ্জাক সেখে এক প্ৰেছবিগ্ঘপ্তিত তীব্ৰ খোভ উজাৰি কয়,য়ে ধূবুৰীত কংগ্ৰেছৰ উত্থাতন মূৰৰ কামোৰণি উঠা ইউডিএফ দলৰ ওচটনিত একাংশ ভন্ড নেতাই অপপ্ৰচাৰ চলাইছে ।প্ৰাক্তন মন্ত্ৰী ওৱাজেদ আলী চৌধূৰী, আৰু জিলা কংগ্ৰেছ সভাপতিৰ সৈতে দলৰ ভাবমূৰ্ত্তী বিনষ্টৰ লখ্খ্যে এনেধৰনৰ অপ প্ৰচাৰ চলাইছে ।এগৰাকী সাংসদে তৎকালীন ভিছাৰ সহযোগত বিদেশ ভ্ৰমন কৰিব পাৰে ।অনুৰূপ উদ্দেশ্যত আন্তৰ্ৰাষ্ট্ৰীয়,তথা বহিৰাষ্ট্ৰৰ ব্যবসা চলাই যোৱাৰ খেত্ৰত, পূনৰ বদৰ উদ্দিন আজমলে ধূবুৰীবাসীৰ মূৰত কঠাল থৈ আগন্ত্তক সাংসদ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ প্ৰয়াসত কংগ্ৰেছত বিভাজন ঘটোৱাৰ কৌশল অব্যাহত ৰাখিছে । জনমতৰ ওপৰত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰে যদিও জনমত নথকা একাংশ বন্চিত প্ৰাৰ্থীত্ব প্ৰত্যাশীক অইন দলে এজেন্ট নিয়োগ কৰি অপপ্ৰচাৰ চলাইছে বুলি আব্দুৰ ৰেজ্জাকে ওলটা খৰ মাৰি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ ভন্ড চক্ৰটোক সকীয়াই দিয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close