অসম

পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত

বনাঞ্চলৰ বিপৰীতে দিনে-নিশাই জনাঞ্চলতে অৱস্থান লৈছে বনৰীয়া হাতী জাকে: কেবাটাও পৰিয়ালৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰিছে হাতীৰ জাকটোয়ে।

খেৰণিৰ পৰা কনক দেউৰী ১৪ ডিচেম্বৰ: পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত এতিয়া বন্য হস্তীৰ বিচৰণস্থলীত পৰিণত হৈছে। ৭০-৮০টা বনৰীয়া হাতী জাকে এতিয়া বনাঞ্চলত থকাৰ বিপৰীতে জনাঞ্চলতহে অৱস্থান গ্ৰহণ কৰিছে। দিনৰ ভাগত কুঁহিয়াৰ খেতিৰ মাজত আশ্ৰয় লৈ বেলি মাৰ যোৱা লগে লগেই গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। যোৱা কালিৰ সন্ধিয়াৰ ৪ বজাৰ পৰা গোটেই নিশা খেৰণিৰ হাজাগাফেৰ গাঁৱ, বাক্ৰিফাংহাজা, মচকা, মাইজিয়া-হাদি গাঁৱত উপদ্ৰৱ কৰিছে।
  যোৱা কালি আবেলি ৪ বজাত হাজাগাফেৰ গাঁৱৰ ভিস্ম দাউদোং লাংথাইৰ খেতি পথাৰত ধান মৰণা দি ঘৰলৈ আনিবলৈ বস্তাত ধান  ভৰাই থকা অৱস্থাতে হাতী জাকে গৈ প্ৰায় ৬০ মোন ধান খায় তহিলং কৰে। ইয়াৰ পিছতে উক্ত স্থান ত্যাগ কৰি ৩ নং বাক্ৰি ফাংহাজা গাঁৱত প্ৰৱেশ কৰি ক্ৰমে শান্তিৰাম ডাউলাগাপু, চৈত্য পতি হাষ্ণু, মটিশ্বৰ হাষ্ণুৰ ঘৰত আক্ৰমণ কৰি ঘৰ ভাঙি সম্প্ৰতি লণ্ড-ভণ্ড কৰে। তাৎপৰ্যপূৰ্ণ ভাৱে এই হাতী জাকটোৱে বনাঞ্চলত আশ্ৰয় লোৱাৰ বিপৰীতে প্ৰায় জন বসতি অঞ্চলতহে আশ্ৰয় লৈছে। খেৰণি জেংক্ৰ গাঁৱৰ কুঁহিয়াৰ খেতিত কেইবাদিন ধৰি অৱস্থান লোৱাৰ পিছত খেৰণি টিলহা বস্তি নামৰ গাঁৱত অৱস্থান গ্ৰহণ কৰে। তাৰ পিছত খেৰণি কৃষি পামৰ কুঁহিয়াৰ খেতিত আশ্ৰয় গ্ৰহণ কৰে কিন্তু সেই ঠাইৰ পৰা ট্ৰেক্টৰ, জেচিবি আদি ব্যৱহাৰ কৰি খেদি পঠোৱাৰ পিছত টখাদী গাঁৱত আৰু মচকা গাঁৱত অৱস্থান গ্ৰহণ কৰে। উল্লেখ যে এই হাতীৰ জাকটোৰ পৰাই এটা হাতী ওলাই আহি একে দিনাই চাৰি জন লোকক আঁতৰ্কিটে আক্ৰমণ কৰি হত্যা কৰিছিল কিছুদিন পূৰ্বে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close