অসম

পানবাৰী জিলা পৰিষদতত ৰেহেনা পাৰবিনৰ জয় নে, পশ্চিম বিলাসীপাৰা বিসম্বাদী কংগ্ৰেছৰ পৰাজয় ?

    বগৰিবাৰী,১৫ ডিচেম্বৰ :- ইউডিএফ দলৰ যূৱ মূখ্য পাত্ৰ আব্দুৰ ৰেজ্জাক সেখ, দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাত পশ্চিম বিলাসীপাৰা সমষ্টিত বিসম্বাদী তথা চিপৰাং ৰাজনীতি কৰি থকা কংগ্ৰেছি নেতা কৰ্মীৰ মূৰৰ কামোৰণী উঠে ।যেন,ভেঢ়া-ছাগলীৰ পালত বাঘৰ পোৱালী সোমাইছে ।মাওৰীয়া সমষ্টিটোত মেকুৰীয়ে বনৰজা সাজি শ্বোষণ চলাই থকামূকশধাৰী কংগ্ৰেছী দালাল সকলে বাঘৰ পোৱালী খেদাত উঠিপৰি লাগে ।ইয়াৰে অংশৰূপে সদ্য পন্চায়ত নিৰ্বাচনত আব্দূৰ ৰেজ্জাকৰ পত্নী ৰেহেনা পাৰবিনক কং দলে পানবাৰী জিলা পৰিষদৰ প্ৰাৰ্থীত্ব প্ৰদান কৰে যদিও প্ৰাক্তন বিধায়ক আলীআকবৰ মিয়া, মণোৱাৰ হোছেন, সাবানা আকতাৰ, আনোৱাৰ হোছেন, হাইদৰ আলী, আদি কৰি এক ডজন কং,নেতা কৰ্মীয়ে বিৰোধীতা কৰিও বিফল হয় ।এই খেত্ৰত একাংশ কংগ্ৰেছ কৰ্মী, সমৰ্থকে বৰীষ্ঠ কংগ্ৰেছ কৰ্মী ইদ্ৰিছ আলী আৰু আজাহাৰ আলীলৈ আঙূলী টোৱাত কুন্ঠাবোধ নকৰে ।মূঠতে ইউডিএফৰ দূৰ্গ স্বৰূপ সমষ্টিটোত কংগ্ৰেছ দলে বিচখ্খনতাৰে প্ৰাৰ্থীত্ব প্ৰদান কৰি ইউডিএফ দলৰ শিপা-মূৰা ওফৰাই দিয়াৰ পৰিকল্পনাত হেঙাৰ হোৱা এই চিপৰাংগী নেতা সকলক সাধাৰণ ভোটাৰ ৰাইজে বহিস্কাৰৰ দাবী জনাই দলৰ উৰ্দ্বতম কৰ্তৃপখ্খৰ দৃষ্টি আকৰ্ষণ কৰে ।উল্লেখ্যযে পানবাৰী জি:প:সমষ্টিত কং দলৰ প্ৰাৰ্থীক ধৰাশায়ী কৰাত বদৰ’উদ্দিন আজমলে সৰ্বশক্তি উজাৰি দি হেলিকাপ্তাৰ উৰোৱাই কেইবাটাও বিশাল জনসভাৰ আয়োজন কৰিও পানবাৰী জি:প:স: দখল কৰিব নোৱাৰিলে । শেহতীয়াকৈ বদৰৰ যূদ্বত আ:ৰেজ্জাক, ৰেহেনা পাৰবিনৰ জয় হয়, আৰু সমষ্টি টোৰ ভাৰাতীয়া বিধায়ক কাছিমীৰ শ্বোষন ৰাজ নিৰাময়ৰ ইংগিত বহন কৰে ।স্মৰ্তব্যযে,পান বাৰী জি:প:স: কং, দলৰ প্ৰাৰ্থী ৰেহনা পাৰবিনক ৰাইজে নেদেখাকৈ ব্যপক সহাৰি জনোৱা কাৰ্য ৰাজনৈতিক খেত্ৰত এক বিৰল ঘটনা বুলি অভিহিত হয় ।ৰেহেনা পাৰবিনৰ জয়ে বিসম্বাদীৰ পৰাজয় বুলি ভোটাৰৰ মাজত চৰ্চিত হৈছে ।

Related Articles

Leave a Reply

Close