অসম

বিজেপিৰ দখলত চেঙা জিলা পৰিষদ – তিনিখনকৈ পঞ্চায়ত

চেঙাত বিধ্বস্ত কংগ্ৰেছ-এআইউডিএফ-অগপ

চেঙাৰ পৰা মইদুল ইছলাম, 13 ডিচেম্বৰ:প্ৰত্যাশিত ধৰণে বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিৰ 6নং চেঙা জিলা পৰিষদ সমষ্টিটো নিজৰ দখললৈ আনিবলৈ সক্ষম হ’ল বিজেপি ।বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বসন্ত ঠাকুৰীয়াই কংগ্ৰেছৰ সুজন দাসক 792টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হ’বলৈ সক্ষম হয় । ইফালে নিজ চেঙা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিনীতা ৰয়ে 2409 টা ভোট লাভ কৰি কংগ্ৰেছ দলৰ প্ৰতিভা দাসক বিপুল ভোটত পৰাজিত কৰি কংগ্ৰেছৰ হাতৰ পৰা পঞ্চায়তখন বিজেপিৰ দখললৈ আনে।নিজ চেঙা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ লগতে গাঁও পঞ্চায়তৰ আটাইবোৰ সদস্য পদতে বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। একেদৰে কংগ্ৰেছৰ প্ৰভাৱত থকা চেঙা সমষ্টিৰ বহৰি ৰিজাৰ্ভ গাঁও পঞ্চায়তত সভাপতি, আঞ্চলিক সদস্য পদৰ লগতে আটাইবোৰ ৱাৰ্ডৰ সদস্য পদত বিজেপি দলে জয়লাভ কৰাৰ লগতে নিজ বহৰি গাঁও পঞ্চায়তটো সভাপতি, আঞ্চলিক সদস্য আৰু পঞ্চায়তৰ 9গৰাকী সদস্য পদত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। ইফালে বাটগাঁও গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত আছিল যদিও বিজেপিৰ সম্ভাৱনা থকা পঞ্চায়তখনত সভাপতি,(প্ৰিয়ংকা ৰায় মণ্ডল) আঞ্চলিক সদস্যকে (কৃষ্ণকান্ত সৰকাৰ)ধৰি ছয়জনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে।কংগ্ৰেছৰ বিশেষ প্ৰভাৱ থকা চেঙাত 6 নং চেঙা জিলা পৰিষদ সমষ্টিত বিজেপি প্ৰাৰ্থীজনৰ জয়লাভে নিশ্চিতভাবে কংগ্ৰেছৰ বাবে আগত দিনত প্ৰত্যাহ্বান হৈ পৰিব। উল্লেখ্য যে চেঙাত সামগ্ৰীকভাবে বিজেপি দলৰ উত্থান পৰিলক্ষিত হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ ভেটি বহু পৰিমাণে দুৰ্বল হৈ পৰিছে ।বিগত সময়ত চেঙাত এআইউডিএফে বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল যদিও পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে এআইউডিএফৰ প্ৰতি সংখ্যালঘু ভোটাৰৰ আস্থা কমি গৈ থকাতো প্ৰতিপন্ন কৰিছে। অগপ দলেও আশা কৰা ধৰণে ভোটাৰ ৰাইজৰ মাজত সোমাবলৈ সক্ষম নহ’ল। আনহাতে চেঙা মুছলমান পাৰা গাঁও পঞ্চায়তত সভাপতি , আঞ্চলিক সদস্যা পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়লাভ কৰে।হৰিপুৰ গাঁও পঞ্চায়তত অগপ দলৰ অধিকসংখ্যক ৱাৰ্ডৰ সদস্য জয়লাভ কৰাৰ পিছতো সভাপতি পদত কংগ্ৰেছৰ প্ৰাৰ্থী আতোৱাৰ ৰহমানে জয় লাভ কৰে। উল্লেখ্য যে হৰিপুৰ গাঁও পঞ্চায়তত বিজেপিৰ দুগৰাকীকৈ সংখ্যালঘু নেতা তথা প্ৰাক্তন বিধায়ক মুক্তাৰ হুছেইন খান আৰু প্ৰাক্তন বিধায়ক লিয়াকত আলী খান থকাৰ পিছতো পঞ্চায়তখনত বিজেপি দলে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে।ইফালে 6 নং চেঙা জিলা পৰিষদ সমষ্টিটোৰ লগতে তিনিখনকৈ পঞ্চায়ত বিজেপি দলে দখল কৰাত দলটোৰ চেঙা মণ্ডল বিজেপিৰ কাৰ্যালয়ত দেখা পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ।

Related Articles

Leave a Reply

Close