অসম

বৰক্ষেত্ৰীৰ বামুণবড়ীত পথ দুৰ্ঘটনাত

চেঙাৰ পৰা মইদুল ইছলাম , প্ৰথম খবৰ, 14 ডিচেম্বৰঃ* নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুণবড়ীত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । বাইক আৰু অ’ল্টোৰ মুখামুখি সংঘৰ্ষত দুজন যুৱক গুৰুতৰভাৱে আহত হয় ।আহত যুৱক দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।দুৰ্ঘটনাত পতিত অ’ল্টোখনৰ নম্বৰ এ এছ 01-বি এক্স 2642 আৰু পালচাৰ বাইকখনৰ নম্বৰ এ এছ 01- এ ডি 5201 ।দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই অ’ল্টোখনৰ চালকে পলায়ন কৰে বুলি জানিব পৰা গৈছে ।বাতৰি লিখা সময়লৈ আহত ব্যক্তি দুগৰাকী চিনাক্ত হোৱা নাই । ঘটনাস্থলীত দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close