অসম

ভাৰত সেৱাশ্ৰম সংঘৰ সৌজন্যত বিনামূলীয়া যোগ শিবিৰৰ আয়োজন।

পঙ্কজ নাথ, চাংসাৰি, ১৬ ডিচেম্বৰ : যোগাসন ৰোগ প্ৰতিৰোধ আৰু সুস্বাস্থ্য বাবে বৰ্তমান কালত সমগ্ৰ বিশ্বতে বহুলভাৱে প্ৰচলিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰত সেৱাশ্ৰম সংঘই বছৰি অসম তথা ভাৰতৰ আন আন প্ৰান্তত বিনামূলীয়া যোগ শিবিৰ আয়োজন কৰি এখন ৰোগমুক্ত সুস্থ সমাজ গঠনত বিশেষ ভূমিকা পালন কৰি আহিছে । বিগত বছৰবোৰৰ দৰে এইবাৰো অহা ১৮ ডিচেম্বৰ মঙ্গলবাৰৰ পৰা ২২ ডিচেম্বৰ শণিবাৰলৈ পাচদিনীয়া কাৰ্য্যসূচীৰে শ্বিলংত স্বামী উত্তমানন্দজী মহাৰাজ আৰু প্ৰতিমা দেৱীৰ তত্বাৱধানত বিনামূলীয়া যোগ প্ৰশিক্ষণ দিয়াৰ বাবে ভব্য আয়োজন কৰা হৈছে । এই যোগ প্ৰশিক্ষণ শিবিৰত পুৱা ৭ বজাৰ পৰা ৮:৩০ বজালৈ আৰু সন্ধিয়া ৫:৩০ ৰ পৰা ৬:৩০ বজালৈকে যোগ প্ৰশিক্ষণ দিয়া হব। ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক শ্বিলঙৰ জেইলৰোডস্হিত ভাৰত সেৱাশ্ৰম সংঘৰ কাৰ্যালয়ত যোগ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে যোগাযোগ কৰিবলৈ ভাৰত সেৱাশ্ৰম সংঘৰ তৰফৰ পৰা স্বামী পূৰ্ণান্দব্ৰত মহাৰাজীয়ে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close