অসম

“মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি” যোজনাৰ অধীনত প্ৰতিজন কৃষকলৈ পাঁচ হাজাৰকৈ

প্ৰথম খবৰ , শিৱসাগৰ : অসম চৰকাৰে ৰাজ্য খনৰ কৃষকক সহায় হোৱাকৈ কৃষি সা-সঁজুলি ক্ৰয় কৰিবৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছে। মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা নামেৰে এক বিশেষ আঁচনিৰ যোগেদি ৰাজ্যৰ প্ৰতিজন কৃষকক পাঁচ হাজাৰ টকা আৰ্থিক সাহায্য আগবঢ়াইছে। এই টকাৰে কৃষকে কৃষি সা-সঁজুলি ক্ৰয় কৰিব পাৰিব।

শিৱসাগৰ জিলাটো এই আঁচনিৰ জৰিয়তে কৃষকক সাহাৰ্য্য প্ৰদান কৰিবলৈ লোৱা হৈছে। ২১ বছৰৰ উৰ্দ্ধৰ আৰু কমেও তিনি বছৰ একেৰাহে কৃষি কৰ্মৰ লগত জড়িত শিৱসাগৰ জিলাৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষক সকলে এই আঁচনিৰ বাবে জিলা কৃষি বিভাগৰ সম্প্ৰসাৰণ সহায়ক, কৃষি উন্নয়ণ বিষয়া, মহকুমা কৃষি বিষয়া বা জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰিবলৈ শিৱসাগৰ জিলা কৃষি বিষয়া ললিত চন্দ্ৰ দাসে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close