অসম

মৰিগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিবেশনৰ প্ৰস্তুতি

মৰিগাঁও,১৫ডিচেম্বৰ:- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক বাৰ্ষিক অধিবেশন খনি ইংৰাজী ২০১৯চনৰ ফেব্ৰুৱাৰী মাহৰ ৬,৭,৮ আৰু ৯ তাৰিখে মৰিগাৱত অনুষ্ঠিত হব। সেয়ে আজি মৰিগাঁও চহৰৰ দক্ষিণে লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় হ্মেত্ৰ তথা অধিবেশন স্হলী খনি শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ লগতে আই মাতৃ বাপ সমষ্ট আৰু ভক্ত বৃন্দই নিকা কৰাত ব্যস্ত হৈ পৰে।হাতে হাতে কাচি লৈ পঠাৰ খনত থকা শালি ধানৰ নৰা বোৰ কাটে আৰু এই নৰাৰে শিৱিৰ সমূহত ব্যৱহাৰ কৰিব। তাৰ মাজে-মাজে বাপ ,আই মাতৃ সকলে নাম কীৰ্ত্তন কৰি এক উৎসৱ মূখৰ পৰিবেশ গঢ়ি তুলে। আজিৰ এই প্ৰস্তুতিৰ লগতে সকলো ৰে ভোজনৰ বাবে সমন্বয় হ্মেত্ৰত এসাঁজ ৰান্ধিছে ভক্ত সকলে।মাজত মাথো ডেৰ মাহ বাকী, সেয়েহে আজিৰ পৰাই অধিবেশন খনি সাফল্য মণ্দিত কৰি তোলাত ভক্ত প্ৰাণ ৰাইজ হাতে কামে লাগিছে বুলি আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাই জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close