অসম

শিৱসাগৰত অসমীয়া পৰম্পৰাগত জাতীয় সাজপাৰ প্ৰতিযোগিতা আয়োজন

প্ৰথম খবৰ , শিৱসাগৰ : শিৱসাগৰ জিলাৰ জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসমীয়া পৰম্পৰাগত জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন | শিৱসাগৰ জিলাৰ “ৰামধেনু সাংস্কৃতিক গোষ্ঠি ” নামৰ অনুষ্ঠানটোৱে পোন প্ৰথম বাৰৰ বাবে শিৱসাগৰ জয়সাগৰত অসম ভিত্তিত অসমীয়াৰ পৰম্পৰাগত জাতীয় সাজপাৰ প্ৰতিযোগিতাখন অহা ২২ ডিচেম্বৰত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে | জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ২২ ডিচেম্বৰত উক্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ আগে আগে ২০ আৰু ২১ ডিচেম্বৰত প্ৰতিযোগিতাখনিত সফল প্ৰতিযোগি হিচাপে অংশগ্ৰহণ কৰিব পৰাকৈ প্ৰতিযোগিসকলক প্ৰশিক্ষন প্ৰদানৰ ব্যৱস্থাওঁ কৰিছে সাংস্কৃতিক সংগঠনটোয়ে | উক্ত প্ৰতিযোগিতাখনি “মেগা মিছ্ গ্ৰীণ আসাম ” নামেৰে নামাকৰণ কৰা হৈছে বুলি উদ্যোক্তা মূখ্য ব্যৱস্থাপক দিপ্তী বড়াই এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে | প্ৰতিযোগিতাখনিত kids , Miss আৰু Mrs অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি শিৱসাগৰত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱত অসমৰ প্ৰতিখন জিলাৰ চহৰ আৰু গাঁও অঞ্চলৰ প্ৰতিভাবান যুৱক যুৱতী সকলে অংশগ্ৰহণ কৰিব পাৰিব | উদ্যোক্ত সকলে জানিবলৈ দিয়া মতে অসমৰ প্ৰায় কেইখন জিলাৰ পৰা প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে | অধিক ইচ্ছুক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আগতীয়া যোগাযোগ কৰিব বিচাৰিলে ৯১০১৭৮৪৮৭২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে | আনহাতে ৪ বছৰৰ পৰা ১২ বছৰীয়া শিশু সকলব বাবে ভৰ্ত্তি মাচুল হব ৮০০ টকা আৰু মহিলাৰ ক্ষেত্রত বয়সৰ সীমা নৰখাকৈ ভৰ্ত্তি মাচুল ১২০০ টকা নিৰ্ধাৰণ কৰাৰ লগতে ২২ ডিচেম্বৰৰ মূল প্ৰতিযোগিতাখনি বিয়লি ৪ বজাৰ ৰপা আৰম্ভ হব বুলি উল্লেখ কৰিছে আয়োজক সমিতিয়ে |

Related Articles

Leave a Reply

Close