অসমশীৰ্ষ

শিৱসাগৰৰ দিচাংমুখ অফলাত শোকাৱহ ঘটনা: ককায়েকৰ বিবাহ উপলক্ষে অনুষ্ঠিত সত্যনাৰায়ণ পূজাৰ নৈবদ্য উটুৱাবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি দুই ছাত্ৰীৰ : SDRF ৰ অভিযান

প্ৰথম খবৰ,শিৱসাগৰ:শিৱসাগৰ দিচাংমুখ অঞ্চলৰ অফলাত শোকাৱহ ঘটনা ৷ সত্য নাৰায়ন পূজাৰ নৈবেদ্য উটুৱাবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি দুই মেধাৱী ছাত্ৰীৰ ৷ SDRF ৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে ছাত্রী উদ্ধাৰত | ককায়েক বীৰেন ছেত্ৰীৰ বিবাহ উপলক্ষে অনুষ্ঠিত সত্যনাৰায়ন পূজাৰ নৈবেদ্য ব্ৰম্মপুত্রত উটুৱাবলৈ গৈছিল অফলাৰ কৃতি ছাত্ৰী তথা দিচাংমুখ বি আৰ আম্বেদকাৰ জুনিয়ৰ কলেজৰ উ:মা: প্ৰথম বাৰ্ষিকৰ ছাত্ৰী অঞ্জলী ছেত্ৰী আৰু সম্পৰ্কীয় বায়েক তিনিচুকীয়াৰ ফিল’বাৰীৰ আৰতী ছেত্ৰী ৷ আত্মীয়ৰ লগত ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহি পৰম্পৰাগতভাবে পূজাৰ নৈবেদ্য আগবঢ়াইছিল অঞ্জলী আৰু আৰতীয়ে ৷
দুই ছাত্ৰীয়ে নৈৰ পাৰত নাৱত উঠি উঠিছিল ফটো ৷
পূজাৰ নৈবেদ্য উটুৱাই উঠিবলৈ লোৱাৰ সময়তে অঞ্জলী ছেত্ৰী সোমাই যায় ব্ৰহ্মপুত্ৰৰ গভীৰতালৈ ৷ অঞ্জলীয়ে জীৱন বচোৱাৰ চেষ্টাত নাৱত কাষতে ৰৈ থকা আৰতীৰ ভৰিত ধৰি নিজক বচাবলৈ চেষ্টা কৰোতে উটি যায় আৰতীও ৷কোবাল সোঁতে ক্ষনিকতে উটুৱাই নিয়ে দুই ছাত্ৰীক ৷ পুৱা ১০ বজাত আত্মীয়ৰ সৈতে ঘৰৰ পৰা ওলাই অহা দুই ছাত্ৰীৰ সলিল সমাধি ঘটিল পুৱা ১০’২৫ ত ৷
২৫ মিনিটত নি:শেষ হল দুগৰাকীকৈ মেধাৱী ছাত্ৰীৰ জীৱন ৷ আত্মীয়ৰ চকুৰ সন্মুখতেই ব্ৰহ্মপুত্ৰত সলিল সমাধিস্থ হল দুই ছাত্ৰীৰ ৷ স্থানীয় লোকে উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও বিফল হৈ খবৰ দিয়া হয় শিৱসাগৰ জিলা প্ৰশাসনক ৷
জিলা প্ৰশাসনৰ নিৰ্দেশত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত SDRF ৰ দল ৷
SDRF য়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই দুই ছাত্ৰী মৃতদেহ ৷ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত আৰু পানীৰ গভীৰতাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে SDRF ৰ দল অতিৰিক্ত ভাবে মতা হৈছে যোৰহাটৰ SDRF ৰ ডুবাৰু দুখন নৌকা সহ ব্ৰহ্মপুত্ৰত অভিযান চলাবলৈ আৰম্ভ কৰিছে ডুবাৰুৰ দলটোৱে ৷ স্থানীয় ৰাইজে অতিৰিক্ত ভাবে ডুবাৰু আনি অভিযান চলোৱাৰ দাবী উত্থাপন কৰিছে ৷ ইফালে শিৱসাগৰ জিলাৰ দৰে নদ- নৈৰে ভৰপূৰ ঠাইত SDRF ৰ মাত্ৰ এখনহে অভিযানকাৰী নৌকা থকাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
ঘটনাৰ প্ৰত্যক্ষ দৰ্শী আৰু স্থানীয় উদ্ধাৰকৰিবসৈ চেষ্টা চলোৱা লোকৰ পৰামৰ্শ তথা দিশত ইতিমধ্যে SDRF য়ে কৰুণ ভাবে সাৱতি লোৱা ছাত্রীৰ মৃতদেহ উদধাৰত নামি পৰিছে |

Related Articles

Leave a Reply

Close