অসম

১২ জানুৱাৰীত খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ “প্ৰথম বৰ্ষপুৰ্তি”অনুষ্ঠান, সাংবাদিক মোস্তাক হুছেইন,পলিমা চেতিয়া বসুমতাৰীলৈ “শ্ৰেষ্ঠ সাংবাদিকতা বঁটা ২০১৮” আৰু প্ৰয়াত সাংবাদিক তৰুণ কুমাৰ দাঁও সোঁৱৰণী বিশেষ সাংবাদিকতা বঁটা দিগন্ত কুমাৰ বৰালৈ,     সংবাদ সেৱা যোগেদি সমাজলৈ বিশেষ অৰিহণা আগবঢ়োৱা ১৫ জন জ্যেষ্ঠ সাংবাদিকক আৰু ৬ জন বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা

প্ৰথম খবৰ , খুমটাই : গোলাঘাট জিলাৰ খুমটাই মৌজাৰ বৃহত্তৰ খুমটাই অঞ্চলৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদ সেৱাৰ সদস্য সকল একত্ৰিত হৈ গঠিত হোৱা খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ অহা ২০১৯ বৰ্ষৰ ১২ জানুৱাৰীত খুমটাই চাৰিআলিস্থিত খুমটাই ৰঙ্গমঞ্চত এদিনীয়া বনাঢ্য কাৰ্যসূচীৰে “প্ৰথম বৰ্ষপুতি” অনুষ্ঠানৰ আয়োজন  কৰা হৈছে  । এই উপলক্ষে ১২ জানুৱাৰী শণিবাৰে  সংস্থাৰ সভাপতি বাবুল গগৈয়ে পুৱা ৮-৩০ বজাত  পতাকা উত্তোলন, পুৱা ৯ বজাত স্মৃতি তৰ্পন, পুৱা ৯-৩০ বজাত প্ৰয়াত সাংবাদিকৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন , পুৱা ১০ বজাত শিশু সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু দিনৰ ১১ বজাত সাংবাদিক সংস্থাৰ উপদেষ্টা বিনয় ৰাজখোৱাৰ সভাপতিত্ব অনুষ্ঠিত সভাত উদ্বোধক হিচাপে উপস্থিত থাকিব অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু নিদিষ্ট বক্তাৰ আসন অলংকৃত কৰিব গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অৰ্পূব্ব বল্লভ গোস্বামীয়ে ।  সংস্থাৰ  প্ৰথম বৰ্ষপুতি অনুষ্ঠানৰ লগত সংগতি ৰাখি গোলাঘাট জিলা ভিতৰত “শ্ৰেষ্ঠ সাংবাদিকতা বঁটা ২০১৮” শ্ৰেষ্ঠ মহিলা সাংবাদিক বঁটা ২০১৮ আৰু প্ৰয়াত সাংবাদিক তৰুণ কুমাৰ দাঁও সোঁৱৰণি বিশেষ সাংবাদিকতা বঁটা” প্ৰদান কৰা হব । উল্লেখ যে গোলাঘাট জিলাৰ ভিতৰত শ্ৰেষ্ঠ সাংবাদিকতা বঁটা ২০১৮ ” গোলাঘাটৰ প্ৰতিদিন টাইমৰ সাংবাদিক মোস্তাক হুছেইনলৈ, শ্ৰেষ্ঠ মহিলা সাংবাদিকতা বঁটা ২০১৮ বৰ্ষৰ কাজিৰঙাৰ “আমি অসমীয়া জনগণ” কাকতৰ সাংবাদিক পলিমা চেতিয়া বসুমতাৰী আৰু গোলাঘাটৰ অসমীয়া খবৰ কাকতৰ সাংবাদিক দিগন্ত কুমাৰ বৰালৈ প্ৰয়াত সাংবাদিক তৰুণ কুমাৰ দাঁও সোঁৱৰণি বিশেষ সাংবাদিকতা বঁটা প্ৰদান কৰা লগতে গোলাঘাট জিলালৈ নিৰ্ভীক নিৰপেক্ষ আৰু সত্যনিষ্ঠ সংবাদ সেৱা যোগেদি সমাজলৈ বিশেষ অৰিহণা আগবঢ়োৱা ১৫ গৰাকী জ্যেষ্ঠ সাংবাদিক আৰু বৃহত্তৰ খুমটাই অঞ্চলৰ ৬ জন বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা  হব বুলি এক প্ৰেজ বিবৃতি যোগে সংস্থাৰ সম্পাদক সাৰঙ্গ তামুলীয়ে জানিবলৈ দিছে  । আনহাতে 
সাংবাদিক সংস্থাৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেবিনেট মন্ত্ৰী অতুল বৰা , সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক মৃনাল শইকীয়া । বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ , উপায়ুক্ত গৌৰৱ ব্ৰ’থা লগতে কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক,  বিশিষ্ট , সন্মানীয় আৰু আমন্ত্ৰিত অতিথি উপস্থিত থাকিব । উক্ত অনুষ্ঠানটিত জাতি ,ধৰ্ম ,বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ আন্তৰিকতাপূৰ্ণ  সহায় সহযোগিতা সহৃদয় উপস্থিতি কামনা কৰিছে আয়োজন সমিতিয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close