অসম

গুৱাহাটীত ” ডি এছ ক্ৰিয়েচন”ৰ উদ্যোগত ফেশ্বন শ্ব’ আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন।

পঙ্কজ নাথ, চাংসাৰি, ৫ জানুৱাৰী :নাৰীক সৱলীকৰণ, ক্ষমতা ও কৰ্তৃত্ব প্ৰদানৰ উদ্দেশ্য ও লক্ষ্য আগত ৰাখি সদ্য গঠিত নাৰীবাদী সংগঠন ডি এছ ক্ৰিয়েচনৰ উদ্যোগত ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে অহা ১১ জানুৱাৰী শুক্ৰবাৰে মহানগৰীৰ মজাখোৱাস্হিত প্ৰাগজ্যোতিষ আই টি এ প্ৰকল্পত ফেশ্বন শ্ব’ৰ লগতে মহিলা সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সেইদিনা এক মহান উদ্দেশ্যে আগত ৰাখি “স্নেহালয় চেন্টাৰ ফৰ চাইল্ড ৰাইটাৰছ” সাহৰ্য্যৰ্থে এক ফেশ্বন শ্ব’ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ অনুষ্ঠিত হব এওঁলোকৰ সৌজন্যত । অনুষ্ঠানটো ফেশ্বন জগতৰ বিভিন্ন ক্ষেত্ৰৰ লগত যোগাযোগ থকা তথা এই জগত খনত সুনাম অৰ্জন কৰা সংগীতা চৌধুৰী, সন্তোষ আগৰৱালা, সংগীতা নাথ, বন্টি নাথ, ৰিজু আৰ শইকীয়া, সীমা পাঠক আদিৰ দৰে মহিলা সকলে লগ হৈ গঠন কৰা ডি এছ ক্ৰিয়েচন”ৰ সৌজন্যত আয়োজন কৰি এই অনুস্থানটিত প্ৰতিস্থাপক সঞ্চালিকা দীপশিখা বিশ্বাসৰ উপৰিও আটাইখিনিৰে উপস্থিতি নিশ্চিত প্ৰদান কৰিছে। ইয়াৰ উপৰিও বিশ্ব বিখ্যাত ফেশ্বন ডিজাইনাৰ তথা মিছেছ ইণ্ডিয়া ইন্টাৰনেচনেলৰ মূখ্য উপদেষ্টা ৰশ্মি সাৰদা মৈত্ৰীয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বুলি আয়োজক সকলে জানিবলৈ দিছে । প্ৰতিযোগিতাখনি টিনেজ, মিচ আৰু মিছেছ এই তিনিটা শাখাত অনুষ্ঠিত কৰা হব। ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই প্ৰতিযোগিতাৰ অডিচন ৰাউণ্ড আৰম্ভ কৰা হৈছে যাতে প্ৰতিভা সুপ্ত প্ৰতিভাৰ বিকাশ সাধন কৰিব পাৰি। এই প্ৰতিযোগিতাৰ আয়োজক বৃন্দই মিছেছ উৱেষ্ট এছিয়া ফেবুলাছ সন্মানৰে সন্মানিত অমৃতা দত্তক প্ৰতিযোগিতাখনৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে ইতিমধ্যে নিযুক্তি প্ৰদান কৰিছে । অডিচন ৰাউণ্ডৰ শেষত চুড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখন আগন্তুক ১১ জানুৱাৰী শুক্ৰবাৰৰ সন্ধিয়া ৪ বজাৰ পৰা আৰম্ভণি হৈ সিদিনাই অনুস্থানৰ শেষত বিজয়ী সকলক বঁটা ও মানপত্ৰ প্ৰদান কৰা হব বুলি জানিবলৈ দিছে । ইয়াৰ লগতে আয়োজক সমিতিৰ দীপশিখা বিশ্বাস আৰু ৰশ্মি সাৰদা মৈত্ৰীয়ে অনুষ্ঠানটো আয়োজনৰ ক্ষেত্ৰত সহায় সহযোগিতাৰ হাত আগবঢ়োৱাৰ বাবে এভ্ৰিডে চল্ট, প্ৰাগ নিউজৰ লগতে ৰেঙণি, ৰেড এফ এম, ইণ্ডিয়া স্কিল একাডেমী আৰু মানিক চন্দৰ লগতে সকলো শুভাকাংক্ষীলৈ ধন্যবাদ জনাৱাৰ উপৰিও ১১ জানুৱাৰীত হবলগীয়া অনুষ্ঠানটিত ৰাইজৰ উপস্থিতি আৰু সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close