অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে ডুমডুমাত কলা দিবস পালন।

প্ৰথম খবৰ ডুমডুমা :- নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ বিৰোধীতাৰে ডুমডুমাতো আজি আছু সহ বিভিন্ন জাতীয় জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ উদ্দ্বোগত ইয়াৰ গান্ধীমূর্তী সমীপত কলা দিবসৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, নৰেন্দ্ৰ মোডী হায় হায়,, সৰ্বানন্দ সোনোৱাল মূ্র্দাবাদ, আদি শ্লোগানৰে আকাশ বতাহ মুখৰিত কৰি তোলে। ইয়াতে অনুস্থিত হোৱা প্ৰতিবাদী সভাত ভাষণ দিয়ে আতছাৰ ডুমডুমা আন্সলিকৰ সম্পাদক ইৰত তাতী, আতছা, ৰ জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক উপেন্দ্ৰ হৰপল, আতছাৰ কেন্দ্ৰীয় কায্যানিবাহক, অমিত কৰ্মকাৰ ,ডুমডুমা শাখা সাহিত্য সভাৰ সম্পাদক দেবেন ডেকা ই এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে চৰকাৰক ধিক্কাৰ দিয়ে। প্ৰতিবাদ কাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰ প্ৰতিলিপি দাহ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close