অসম

নিৰ্মাণ নহ’ল অসম নাগালেণ্ড ‘এফ ‘ ছেক্টৰৰ সীমান্ত পহৰা চকী

প্ৰথম খবৰ , শিৱসাগৰ , ৬ জানুৱৰী : বিগত বৰ্ষৰ জুন মাহতে নিৰ্মাণ কৰিবলৈ লোৱা শিৱসাগৰ জিলাৰ হালোৱাটিংৰ অসম- নাগালেণ্ড সীমান্ত ‘এফ ‘ ছেক্টৰত ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত সীমান্ত পহৰা চকী এতিয়া অনিশ্চয়তাৰ গ্ৰৰাহত | নাগালেণ্ড চৰকাৰৰ প্ৰবল আপত্তি শক্তিৰ বাবেই আজি সাত মাহেও প্ৰস্তাৱিত পহৰা চকীৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবলৈ সাহস গোটাব পৰা নাই অসম চৰকাৰৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনে |উল্লেখ্য যে অসম সীমান্তৱৰ্তী সীমান্তবাসীৰ লগতে দল সংগঠনৰ দীৰ্ঘদিনীয়াদাবীৰ পৰিপেক্ষিতত ৰাজ্য চৰকাৰে হালোৱাটিংৰ অসম – নাগালেণ্ড সীমান্তৰ এফ ছেক্টৰত এটা সীমান্ত পহৰা চকী স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল | যাৰ পৰিপেক্ষিতত হালোৱাটিংৰ অসম – নাগালেণ্ড সীমাত পহৰা চকী নিৰ্মাণৰ যাৱতীয় সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি যোৱা বৰ্ষৰ ২৩ জুনত অসমৰ ভূ-খণ্ডত এটাটিলাত সীমান্ত পহৰা চকীটো নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট ঠিকাদাৰক নিবিদা অনুসৰি দায়ীত্ব প্ৰদান কৰিছিল | ঠিকাদাৰেও শ্ৰমিকৰ দ্বাৰাই হাবি-জংঘল কাটি কাম আৰম্ভ কৰিছিল | কিন্তু শতাধিক নগা লোকে হাতে হাতে দা – যাথি-জোং লৈ কৰ্মৰত শ্ৰমিকক প্ৰাণে মৰাৰ ভাবুকি দি খেদি পঠোৱাৰ লগতে নগা দুৰ্বৃত্তই উক্ত স্থানত সীমান্ত পহৰা চকী নিৰ্মাণ নকৰিবলৈ হুমকি দিছিল | যাৰ পৰিপেক্ষিতত হালোৱাটিংত বিভিন্ন দল – সংগঠনে নগা আগ্ৰাসী ভূমিকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে , আৰু উক্ত স্থানত সীমান্ত পহৰা চকী নিৰ্মাণৰ দাবী জনোৱাৰ লগতে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ দৰে কাৰ্যসূচী হাতত লয় | পৰৱতী পৰ্যায়ত শিৱসাগৰ জিলা উপায়ুক্তই নাগালেণ্ড প্ৰশাসনৰ লগত আলোচনা কৰি শীঘে পহৰা চকী নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাত দল-সংগঠন সমুহে অৱৰোধ প্ৰত্যাহাৰ কৰিছিল | পৰিতাপৰ বিষয় অসমৰ মাটিত অসম চৰকাৰৰ এটা সীমান্ত পহৰা চকী আজিপৰ্যন্ত শিৱসাগৰ জিলা প্ৰশাসনে নিৰ্মাণ কৰিব নোৱাৰাতো এটা লজ্জাজনক বিষয়ত পৰিণত হৈছে | নাগাৰ ধমকিত সেওমানি জিলা প্ৰশাসনে সীমান্ত অঞ্চলটোত সীমান্ত পহৰা চকী নিৰ্মাণৰ বাবে ব্যৱস্থা নকৰা লৈ অঞ্চলবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি হৈছে | সীমান্তবাসীৰ লগতে দল-সংগঠনে সীমান্ত অঞ্চলটোত শীঘ্ৰে পহৰা চকী নিৰ্মাণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে | অন্যথাই সীমান্ত পহৰা চকীক লৈ অঞ্চলবাসীয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি প্ৰশাসনক সকীয়াই দিছে |

Related Articles

Leave a Reply

Close