অসম

ফিল’বাৰী আৰু বৰডুমচাত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।

ফিল’বাৰীৰ পৰা সুৰজিৎ বড়া ৫ জানুৱাৰী :- নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ বিৰুদ্ধে সমগ্ৰ অসম উত্তপ্ত হৈ থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰ এখন জনসভাত এই বিল যিকোনো প্ৰকাৰে বলবৎ কৰা হ’ব বুলি দম্ভালি মৰা মন্তব্যৰ বাবে জাঙুৰ খাই উঠিছে অসমৰ বিভিন্ন দল সংগঠন।১৯৭১চনৰ ২৫মাৰ্চৰ পিছত অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ লগতে অসম চৰকাৰে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ফিল’বাৰী আঞ্চলিক সমিতিয়ে আজি সন্ধিয়া ৬ বজাত ফিল’বাৰী থানা চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে । জিলা উপদেষ্টা নৰেন্দ্ৰ শইকীয়া, আঞ্চলিকৰ সম্পাদক মুকুল মেধিৰ নেতৃত্বত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে নৰেন্দ্ৰ মোডী গ’বেক, সৰ্বানন্দ সোনোৱাল গ’বেক , নাগৰিকত্ব বিল বাতিল কৰক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।আনহাতে, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰচাৰ সম্পাদক
দেৱজিৎ সোণাৰ আৰু পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন মৰাণৰ নেতৃত্বত বৰডুমচাত এই ঘোষণাৰ প্ৰতিবাদকল্পে নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে তিনিচুকীয়া থানা চাৰিআলিত যোৱা ৩ জানুৱাৰীৰ পৰা শ-শ লোকে অবিৰতভাৱে অবস্থান কৰি বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close