অসমশীৰ্ষ

শিৱসাগৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ

প্ৰথম খবৰ , শিৱসাগৰ ৫ ডিচেম্বৰ : শিৱসাগৰ নগৰৰ মাজমজীয়াৰ দ’লমুখ চাৰিআলিত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰুতলিকা দাহ কৰে | আজি শিৱসাগৰ সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত শিৱসাগৰ চহৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংঘটিত কৰা ৰাফেল যুদ্ধ বিমান ক্ৰয় কেলেংকাৰীৰ jpc গঠনৰ কৰি এক নিৰপেক্ষ তদন্তৰ দাবীত নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়। উক্ত কাৰ্যসূচীত শিৱসাগৰ সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি মনোজ বড়া শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক যাচিন আলি শিৱসাগৰ জিলা কংগ্ৰেছৰ সম্পাদক দুৰ্ল্লভ ৰাজকোঁৱৰ লগতে যুৱ কংগ্ৰেছৰ বহুসদস্য উপস্থিত থাকে | নৰেন্দ্ৰ মোদী গ”বেক,বি জে পি চৰকাৰ হায় হায়, দেশ কা চকীদাৰ চৰ সেই, ৰাফেল কেলেংকাৰী তদন্ত কৰক আদি শ্লোগান দি নগৰৰ মাজমজীয়াত এক উত্তাল পকিবেশ সৃষ্টি কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close