অসম

শিৱসাগৰ নগৰত পোন প্ৰথমবাৰ মুকলি হল মহিলা সাপ্তাহিক বজাৰ “আইদেউ বজাৰ”

প্ৰথম খবৰ , শিৱসাগৰ ,৬ জানুৱাৰী : আজি পৰা প্ৰতি দেওবাৰে শিৱসাগৰত এখন মহিলা বিক্ৰেতাৰ বজাৰ মুকলি হয় | পোন প্ৰথমবাৰৰ বাবে শিৱসাগৰ নগৰৰ শিৱসাগৰ চৰকাৰী ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পথৰ কাষত “সুবচিনী মহিলা মঞ্চৰ” সৌজন্যত মহিলাৰ সাপ্তাহিক বজাৰ “আইদেউ বজাৰ ” নামেৰ শুভাৰম্ভ কৰা হয় । এই সাপ্তাহিক বজাৰ দেওবাৰে পুৱা ৭.০০ বজাৰ পৰা আৰম্ভ হব লগা এই বজাৰত থলুৱা ভাৱে উৎপাদন হোৱা শাক পাচলি মহিলা সকলৰ দ্বাৰা তৈয়াৰ কৰা যি কোনো সামগ্ৰী পিঠা -পনা ,চিৰা দৈ আদি কৰি কুটিৰ আৰু বয়ন শিল্প উপলব্ধ হব । আইদেউ বজাৰৰ শুভ উন্মোচন কৰে শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিনহাই । বন্তি প্ৰজ্বলন কৰে শিৱসাগৰৰ সমাজ কৰ্মী সৌৰভ চলিহাই । সহযোগিতা আগবঢ়াই বিশিষ্ট অতিথি শিৱসাগৰৰ জেষ্ঠ নাগৰিক শংকৰ আগৰৱালা, গ”ল্ডেন জুবিলি শিৱসাগৰ এনজিঅৰ সঞ্চালক তথা নাট্যকাৰ-পৰিচালক-অভিনেতা সঞ্জীৱ ফুকন, আছুৰ শিৱসাগৰ জিলাৰ উপদেষ্টা প্ৰদীপ বৰগোঁহাইয়ে । মৃদুস্মিতা সিনহাই উদ্ধোধনী ভাষণত কয় যে এই বজাৰখনে মহিলা সবলীকৰণ আৰু স্বাবলম্বী দিশত এখোজ আগবাঢ়ি যাব পাৰিব | এই বজাৰত থলুৱা ভাবে উৎপন্ন হোৱা সামগ্ৰীয়ে যাতে উপলব্ধ হয় আৰু চালানী ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বস্তু বিক্ৰী নহয় বিক্ৰেতা সকলে খেয়াল ৰাখিব লাগিব । বজাৰখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সৌৰভ চলিহাই তেওঁ ভাষনত বজাৰখনে মহিলাসকলক বহু খিনি আগবঢ়য় নিব বুলি কয় । চালানী বস্তু বজাৰ খনত বেপাৰী সকলে যাতে নানে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায় । শিৱসাগৰ জিলা ছাত্র সন্থাৰ উপদেষ্টা প্ৰদীপ বৰগোহাঁইয়ে বজাৰত থলুৱা সামগ্ৰীৰে বিক্ৰেতাই ৰাইজক সকাহ দিয়াৰ লগতে ঠাইখন চাফ চিকুণৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰে। সমাজকৰ্মী শংকৰ আগৰৱালাই শিৱসাগৰত এখন কৃষক বজাৰ আছিল যদিও থলুৱা কৃষক সকলৰ মুতখ শেষত লাডেন বজাৰ হলগৈ আৰু বাহিৰৰ পৰা বেপাৰী আমদানি হল ।থলুৱা সামগ্ৰীৰ ঠাইত চালানী সামগ্ৰীৰে ভৰি পৰিল । যাতে এই বজাৰত স্থানীয় সকলেই যাতে সুবিধা লাভ কৰে তাৰ প্ৰতি মহিলা মঞ্চই গুৰুত্ব দিয়াৰ আহ্বান জনায়। সঞ্জীৱ ফুকনে ভাষন প্ৰদান কৰি কয় যে মহিলা সবলীকৰণ ২০০৬ চনৰ পৰা আৰম্ভ হৈছে সেইসময়ৰ দুখন যোজনা যোগেদি , এখন হৈছে স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনা আৰু স্বৰ্ণ জয়ন্তী গ্ৰাম্য ৰোজগাৰ যোজনা মহিলা আত্মসহায়ক গোট গঠনৰ যোগে । পৌৰসভাৰ যোগে আৰম্ভ হোৱা বজাৰখনে আৰু অধিক আগবাঢ়ি যোৱাত সহায়ক হব । সঠিক দিশেৰে আগবঢ়ায় নিলে বজাৰ খন এটা সময়ত গ্ৰাহক বাহি যোৱা লগে লগে উদেশ্য সফল হব আৰু অনাগত দিনত আহিব লগা পৌৰসভা আহি উপলব্ধি কৰিব বজাৰখনে মহিলা লকলক সংস্থাপিত কৰাত সচায় সুন্দৰ ভুমিকা প্ৰদান কৰিলে | বজাৰখন যাতে সুবচিনী মহিলা মঞ্চৰ হাততে থাকে তাৰ বাবে পৌৰসভাই বিশেষ ভুমিকা লব লাগিব বুলি বক্তব্য ৰখাৰ লগতে নিয়ম নীতিৰ মাজেৰে সুকলমে চলাবলৈ আহ্বান জনায় । প্ৰথম আত্মসহায়ক গোট গঠন হৈছিল ২০০৬ চনত স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ যোগেদি । নগৰখনত প্ৰথম গঠন কৰা গোটটো নাম আছিল সেউজী আত্মসহায়ক গোট । সেই সময়ৰ পৰাই মহিলা সবলীকৰণ আৰম্ভ হৈছে । অনুষ্ঠানটোৰ আত ধৰে মহিলা মঞ্চৰ সম্পাদীকা গিতাঞ্জলী হাজৰিকা আৰু সহযোগিতা আগবঢ়াই জয়ন্ত বৰুৱাই ।

Related Articles

Leave a Reply

Close