অসমনিবন্ধশীৰ্ষ

অগ্নিগৰ্ভা অৰুণাচল: সৰলতা আৰু জটিলতা

পৰাগমণি আদিত্য

অৰুণাচলৰ পৰিস্থিতি অতিশয় উদ্বেগজনক। ৰাজ্যখনত থকা বন্ধু-বান্ধৱ সকলৰ নিৰাপত্তাক লৈ উদ্বিগ্ন হৈ পৰিছো। একে সময়তে অৰণাচলৰ খিলঞ্জীয়া বন্ধু সকলক লৈয়ো চিন্তিত হৈ পৰিছো। তেওঁলোকৰ আশংকা আৰু উদ্বিগ্নতা হৃদয়ংগম কৰিবলৈও যত্ন কৰিছো। কথাবোৰ বৰ জটিলো নহয়, বৰ সৰলো নহয়।

১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীৰ আগলৈকে অৰুণাচল (NEFA) অসমৰ সৈতে আছিল। ৰাজ্য বিভাজনৰ সময়ত হুৰমূৰকৈ লোৱা অপৰিপক্ক, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু বিভেদকামী (Devide and Rule) সিদ্ধান্তৰ ফলত উত্তৰ পূৱত কিছুমান সমস্যা কাললৈ থাকি গ’ল। যাৰ বাবে এফালে ইন্দিৰা গান্ধীৰ প্ৰতি এচাম মানুহৰ চৰম ঘৃণাৰ সৃষ্টি হ’ল,আনফালে আন একাংশই ওৰেটো জীৱন ৰক্তক্ষয়ী পৰিৱেশৰ সৈতে যুজিব লগীয়া হ’ল।

এইখিনি ভূক্তভূগীৰ অন্যতম হ’ল আৰুণাচলৰ ছটা জনগোষ্ঠীৰ লোকসকল। এই জনগোষ্ঠী কেইটা হ’ল দেউৰী,সোণোৱাল কছাৰী, মৰাণ, মিছিং, আদিবাসী আৰু গোৰ্খা। দেউৰী,সোণোৱাল কছাৰী, মৰাণ, মিছিং, আদিবাসীসকল মূলতঃ নামচাই আৰু চাংলাং জিলাৰ বাসিন্দা। আনহাতে গোৰ্খা সকল চাংলাং জিলাৰ অতি দুৰ্গম এলেকাৰ বাসিন্দা। এই অঞ্চলটোত কিছু অৱসৰপ্ৰাপ্ত সেনা জোৱানো আছে। তেওঁলোক স্থায়ী বাসিন্দা নহয় আৰু খিলঞ্জীয়া লোকৰ পৰা মাটি ভাড়াত লৈ বসবাস কৰি আছে। ২০২০ চনত এই লোকসকলৰ মাটিৰ ভাড়াৰ ম্যাদ উকলি যাব। আৰুণাচলৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ ১৭জন। সীমামূৰীয়া হোৱাৰ বাবে আৰু চীনৰ আক্ৰমণৰ অভিজ্ঞতাৰ ফলত এই সকলক অঞ্চলটোত বসতি কৰোৱাতো নিৰাপত্তাৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ আছিল। আদিবাসী সকল চাহ বাগানৰ কাম কৰিবলৈ ব্ৰিটিছৰ দিনতে যোৱা যদিও পিছত কিছু অসমৰ পৰা গৈ সংযুক্ত হৈছে।

দুটা বিধান সভা সমষ্টিত তেওঁলোক প্ৰভাৱশালী আৰু এই সমষ্টি দুটা হ’ল বৰডুমছা-ডিয়ুন আৰু লেকাং। লেকাং সমষ্টিৰ বিধায়ক চাওনা মিন বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী।

পিআৰচি কিয় প্ৰয়োজন?
যোৱা কেইটামান দশকত উচ্চ শিক্ষাৰ বাবে পিআৰচি অপৰিহাৰ্য হৈ পৰিছে। পিআৰচি নহ’লে স্কলাৰশ্বিপ আদিও পোৱাটো অসম্ভৱ। এই সমস্যাৰ বাবেই এই ছটা জনগোষ্ঠীয়ে পিআৰচি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে। এই লৈ মহাদেৱপুৰত সঘনাই পথ অৱৰোধ কৰি এক নিৰ্বাচনী ইছ্যুত পৰিণত কৰে আৰু দীৰ্ঘ যুঁজ বাগৰৰ মূৰকত চৰকাৰৰ পৰা ইতিবাচক প্ৰতিশ্ৰুতি লাভ কৰে। পূৰ্বে টাকাম সঞ্জয়ৰ নেতৃত্বত গঠিত কমিটীয়ে পিআৰচি প্ৰদান কৰিবলৈ পৰামৰ্শ দিছিল। বৰ্তমানৰ চৰকাৰে বিষয়টো পুনৰ বিবেচনাৰ বাবে এখন উচ্চ ক্ষমতাসম্পন্ন কমিটি নাবাম বেবিয়াৰ নেতৃত্বত গঠন কৰে। এই কমিটিত ছাত্ৰ সংগঠন আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধিও আছিল। এই কমিটিয়ে বিচাৰ বিবেচনা কৰি পিআৰচিৰ সপক্ষে ৰায় দিয়ে। এই প্ৰতিবেদন বিধান সভাত উত্থাপন কৰাৰ প্ৰাকক্ষণত ১৮টা জনগোষ্ঠীয়ে এখন যৌথ মঞ্চ গঠন কৰি পিআৰচি প্ৰদানৰ বিৰোধিতা কৰে আৰু ২১ ফেব্ৰুৱাৰীৰ পৰা আন্দোলন আৰম্ভ কৰে। এই আন্দোলনে ২১-২২ফেব্ৰুৱাৰীৰ নিশা ভয়াবহ ৰূপ ধাৰণ কৰাত মুখ্য মন্ত্ৰী পেমা খান্দুৱে প্ৰতিবেদনখন দাখিল নহয় বুলি ঘোষণা কৰে। ইয়াৰ পিছতো নিশালৈ ইটানগৰৰ আইজী পাৰ্কত অনুষ্ঠিত হ’বলগীয়া প্ৰথম আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱস্থলীত আক্ৰমণ কৰি গাড়ী, বাদ্যযন্ত্ৰ, শব্দ যন্ত্ৰ সমূহ জ্বলাইঢ়দিয়াৰ লগতে বিভিন্ন স্থানত হিংসাত্মক প্ৰতিবাদ কৰি চৰকাৰী বেচৰকাৰী সম্পত্তি ধ্বংস কৰাৰ লগতে নিৰাপত্তাৰক্ষীকো আক্ৰমণ কৰে। ফলত দেশ-বিদেশৰ অতিথি সকলক নিশাটো নিৰাপত্তাৰ মাজত হোটেলত ৰাখি পিছদিনাই অসমলৈ সুৰক্ষিতভাৱে প্ৰেৰণ কৰে। ইতিমধ্যে চৰকাৰে বিধানসভাৰ অধিবেশন ৰদ কৰাৰ লগতে সান্ধ্য আইন জাৰি কৰে আৰু ইন্টাৰনেটৰ সংযোগ বিছিন্ন কৰে। ইয়াৰ মাজতো দেওবাৰে প্ৰতিবাদকাৰীৰ এটা দলে উপ মুখ্যমন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ বাসভৱনত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। অবধাৰিতভাবে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এই পৰ্যন্ত দুজন লোক নিহত আৰু কেবাজনো লোক আহত হোৱাৰ খবৰ আহিছে। এই ঘটনাৰ পাছতে ইটানগৰ, নাহৰলাগুনৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ লগতে সেনা মোতায়েন কৰিব লগীয়া হয়।

কিয় এই সংঘাত?

ব্ৰিটিছে ১৮৭৩ চনতে বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰিজন এক্ট আনি বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰিছিল। এই আইনেই ইনাৰলাইন (ILP) ৰ প্ৰবৰ্তন কৰে আৰু খিলঞ্জীয়া স্থায়ী বাসিন্দাৰ বাহিৰে আন সকলোৱে এই এলেকাত স্থায়ী বসবাসত নিষেধাজ্ঞা আৰোপ কৰে আৰু ইনাৰলাইন পাৰ্মিট লৈহে প্ৰৱেশৰ ব্যৱস্থা আৰম্ভ কৰে।

আন্দোলনকাৰী সকলৰ মতে- পিআৰচি প্ৰদান কৰিলে ILP নোহোৱাকৈ অবাধ প্ৰবজন আৰম্ভ হ’ব আৰু ইয়াৰ ফলত খিলঞ্জীয়া অৰুণাচলীৰ স্বাৰ্থ বিপন্ন হ’ব।

অৰুণাচলৰ JHPCক নিজৰ স্থিতি জনাই অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই পিআৰচি প্ৰদানৰ সপক্ষে মত প্ৰকাশ কৰিছিল। তেওঁলোকে কৈছিল-পিআৰচি থাকিলেও ILP ল’বই লাগিব।

ঐতিহাসিক সত্য
যদিও অৰুণাচলৰ একাংশ ব্ৰিটিছৰ অধীনলৈ গৈছিল বেছিভাগ জনগোষ্ঠীয়েই স্বাধীনচেতিয়া ভাবে বাস কৰিছিল। শ্ৰীকৃষ্ণৰ প্ৰথমা পত্নী ৰুক্মিণী ভীষ্মকনগৰৰ। ভীষ্মকনগৰত পোৱা প্ৰাচীন ৰাজধানীৰ ধ্বংসাৱশেষ অষ্টম শতিকাৰ। অৰুণাচলত ঈদু-মিছিমি সকলৰ বসতিস্থান এই ভীষ্মকনগৰ। আজিও ভীষ্মকনগৰৰ ধ্বংসাৱশেষে সুদুৰ দ্বাৰকাৰ সৈতে পৌৰাণিক সংযোগৰ কথা সোঁৱৰাই দিয়ে। এই স্মাৰকেই হিন্দু সভ্যতাৰ সৈতে অৰুণাচলৰ সংযোগ স্মৰণ কৰায়, অথচ আজিৰ অৰুণাচলৰ এটাও জনজাতিৰ হিন্দুত্বৰ সৈতে সম্পৰ্ক নাই।

আজিৰ ইটানগৰৰ নামটো আহিছে ইটাৰে নিৰ্মিত এটা দুৰ্গৰ পৰা। এই দুৰ্গটো নিৰ্মাণ কৰিছিল চুতীয়া ৰজাই। ইয়াৰ অৰ্থ স্পষ্ট- এসময়ত এই এলেকাতো চুতীয়া সাম্ৰাজ্যৰ অংশ আছিল।

মালিনী থান চুতীয়া সাম্ৰাজ্যৰ এক অবিস্মৰণীয় কৃতি।

পৌৰাণিক ভাবেই অৰুণাচলৰ মূল জনগোষ্ঠী কেইটা অসমৰ দেউৰী, মিছিং, সোণোৱাল কছাৰী, বড়ো, ডিমাছা সকলৰ সৈতে একে মূলৰ। চীনৰ চীছুৱান প্ৰদেশত সকলোৰে শিপা বুলি দাবী কৰি আহিছে। সেই সূত্ৰেই সকলো ভাই ককাই। ইতিহাসে ঢুকি পোৱাৰ দিনৰে পৰা দেউৰী, মিছিং আৰু সোণোৱাল সকল এই অঞ্চলৰ বাসিন্দা। আন একাংশ মানৰ আক্ৰমণৰ সময়ত বা ওচৰে পাজৰে পলাই যোৱা। আন একাংশক আকৌ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত পাহাৰৰ পৰা নামি আহা অকা-ডফলা আদিয়ে বন্দী কৰি নিছিল।

এই জনগোষ্ঠী কেইটাৰ তিনিটা অসমত ST. অসমত ভূমিপুত্ৰ, কিন্ত অৰুণাচলত ভগনীয়া। দ্বিতীয় শ্ৰেণীৰ নাগৰিক। অথচ তেওঁলোকৰ শিপা সহস্ৰাব্দ পুৰণি। একেডাল শিপা, ৰাজ্য দুখন কাৰণে পৰিচয় বেলেগ-বেলেগ। ৰাজ্য বিভাজনৰ সময়ত কোন ক’ত আছে, কাৰ কি স্বীকৃতি সেয়া বিচাৰ নকৰাকৈ দিল্লীৰ আমোলাই ৰাজনৈতিক ভূগোল অংকন কৰাৰ কুফল ভোগে সাধাৰণ নাগৰিকে। মেঘলয়ৰ পৰা অৰুণাচললৈ একেই ইতিহাস। বিটিএডিত বড়ো জনজাতি, কাৰ্বি আংলঙৰ বড়ো বিটিএডিত ভগনীয়া। পাহাৰৰ কাৰ্বি ভৈয়ামত আমৰি। সুকীয়া পৰিচয়, পৃথক অধিকাৰ।

অৰুণাচলত জনগোষ্ঠীৰ বাবে ৮০% সংৰক্ষণ। বাকীসকলৰ বাবে ২০%। এই বাকীসকল মানে সমগ্ৰ ভাৰতবৰ্ষ। এই ২০ শতাংশৰ পৰাও বঞ্চিত হৈ আহিছে- এই সকল ‘খিলঞ্জীয়া’। কাৰণ বিভাজনৰ সময়ত তেওঁলোক সীমাৰ সিপাৰে পৰিল।

বিভাজনৰ কুটিল ষড়যন্ত্ৰত আজি অৰুণাচল জ্বলিছে। এখন এখনকৈ সকলোকে এই জুয়ে দহিছে। ভবিষ্যতেও দহিব।

সিদিনা কিবা এটা প্ৰসংগত তথ্য সংগ্ৰহৰ বাবে ১৯৮৩ চনৰ চাৰিখন বাতৰিকাকত উলিয়াইছিলো। ইন্দিৰা গান্ধী শ্বিলঙলৈ আহিছিল। আগতে নথকা সৰু বাতৰি এটা চকুত পৰিল- অসম আন্দোলনৰ বিৰোধিতা কৰিবলৈ মেঘালয়ৰ ছাত্ৰনেতা সকলক ইন্দিৰা গান্ধীয়ে আহ্বান জনাইছে। যুক্তি দিছে- আমি আপোনালোকক বিচৰাতকৈ বেছি দিছো। পৃথক ৰাজ্য দিছো। আপোনালোকে প্ৰতিৰোধ কৰি প্ৰতিদান দিয়ক।

ভাগ্য ভাল এই উচতনিৰ কথা ছাত্ৰ সকলে ৰাজহুৱা কৰিলে। আমি জানিবলৈ পালো। নজনাকৈ আৰু কিমান বা যুজঁ লগাইছে?

আমি সকলোৱে সহনশীল হৈ এক পৰিত্ৰাণৰ পথ নুলিয়ালে আমাৰ কাৰোৰে নিস্তাৰ নাই। সেই কথা খিলঞ্জীয়াই বুজক, জনজাতিয়ে উপলব্ধি কৰক। সহাৱস্থানৰ পন্থা লওক। অন্যথা আজি আমি তেওঁক মাৰিছো, কাইলৈ সেই একেটা কোব ময়ো পাম।

দিল্লীয়ে সেই ৰক্তবীজ ৰুই থৈ গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close